নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাছ মাৰিবলৈ গৈ বিলৰ পানীত সলিল সমাধি চিয়াজুলীৰ এজন যুৱকৰ

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ : মাছ মাৰিবলৈ গৈ বিলৰ পানীত সলিল সমাধি ঘটিল চিয়াজুলী দীৰ্ঘা নাহৰবাৰী গাঁৱৰ এজন যুৱকৰ। জানিব পৰা মতে মৃত যুৱকজন গাঁৱখনৰ প্ৰয়াত কেশৰ মগৰৰ পুত্ৰ পংকজ মগৰ (২২)। পৰিয়ালৰ সুত্ৰই জানিব দিয়া মতে, কালি দুপৰীয়া সময়ত ওচৰৰে চিয়াজুলী চাহ বাগিছাৰ বিলত বৰশী বাবলৈ ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন। যদিও নিশালৈকে ঘৰলৈ ঘুৰি নহাত, পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত আজি পুৱা বিলখনৰ পানীত যুৱকজনৰ ওপঙি থকা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় পৰিয়ালৰ লোকে। উল্লেখযোগ্য যে, মৃত যুৱকজন কিছু পৰিমাণে মানসিক ভাৱে অসুস্থ থকাৰ লগতে মৃগী ৰোগত আক্ৰান্ত হৈ আছিল। তেনেস্থলত বৰশী বাই থাকোঁতে হঠাৎ মৃগীত আক্ৰান্ত হৈ বিলৰ পানীত ডুব গৈ যুৱকজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।

You might also like