মছজিদৰ আধাৰশিলা স্থাপন কৰিব আদিত্যনাথে, অযোধ্যাৰ ধান্নিপুৰত চলিছে প্রস্তুতি
নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ অযোধ্যাৰ ধান্নিপুৰ গাঁৱৰ মছজিদৰ নামত হ’বলগীয়া প্রকল্পৰ আধাৰশিলাৰ বাবে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক আমন্ত্রণ জনোৱাৰ সিদ্ধান্ত লৈছে মছজিদটোৰ ন্যাসে৷
ৰাজ্যখনৰ চুন্নী ৱাক্ফ ব’র্ডে গঠন কৰি দিয়া ন্যাসে এই মছজিদটোৰ বিভিন্ন প্রকল্পৰ শিলান্যাস মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ হাতেৰে কৰাৰ সিদ্ধান্ত লৈছে৷
উল্লেখনীয় যে উচ্চতম ন্যায়ালয়ে ৫ একৰ ভূমি মছজিদ নির্মাণৰ বাবে উত্তৰ প্রদেশ চৰকাৰক দিয়াৰ আহ্বান জনাইছিল৷ এই মছজিদৰ স্থানত নির্মাণ হ’ব হাস্পতাল৷ মছজিদৰ নামত নির্মাণ হ’বলগীয়া হাস্পতালৰেই বিভিন্ন প্রকল্পৰ শিলান্যাস কৰিব আদিত্যনাথে৷
অধিক পঢ়কঃ