নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডকালত বসবাসৰ বাবে নিৰাপদ দেশ ছিংগাপুৰ

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ ক’ভিড–১৯ মহামাৰীৰ সময়ত বসবাসৰ বাবে আটাইতকৈ নিৰাপদ দেশ হৈছে ছিংগাপুৰ৷ ব্লুমবার্গৰ ক’ভিড ৰিছাইলেন্স ৰেংকিঙৰ তালিকাত ছিংগাপুৰে প্রথম স্থান লাভ কৰিছে৷ উল্লেখনীয় যে যোৱা নৱেম্বৰ মাহত ব্লুমবার্গৰ তৰফৰ পৰা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সময়ত কোনখন দেশ বসবাসৰ বাবে অতি নিৰাপদ, তাক লৈ আৰম্ভ কৰা হৈছিল সমীক্ষা৷ ইয়াৰ পূর্বে নিউজিলেণ্ড ক’ভিড মহামাৰীৰ সময়ত বসবাসৰ বাবে উপযুক্ত দেশ হিচাপে চিহ্ণিত হৈছিল৷ কিন্তু ব্লুমবার্গৰ দ্বিতীয় তালিকাত নিউজিলেণ্ডক অতিক্রম কৰি ছিংগাপুৰে প্রথম স্থান লাভ কৰিছে৷

উল্লেখনীয় যে ক’ভিড মহামাৰীৰ ভেকচিন অতি ক্ষিপ্রতাৰে দেশৰ নাগৰিকসকলক প্রদান কৰাৰ ক্ষেত্রতো ছিংগাপুৰে প্রথম স্থান লাভ কৰিছে৷ নিউজিলেণ্ডে দেশখনৰ নাগৰিকসকলক ভেকচিন প্রদানৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে যদিও ছিংগাপুৰক অতিক্রম কৰিবলৈ সক্ষম হোৱা নাই৷ এই তালিকাত দেশীয়ভাৱে ক’ভিড সংক্রমিত লোকৰ সংখ্যা শূন্য ছিংগাপুৰত৷ ছিংগাপুৰৰ লগতে নিউজিলেণ্ড, অষ্ট্রেলিয়া আৰু টাইৱানে মহামাৰীক প্রতিৰোধ কৰাৰ ক্ষেত্রত বিশেষ সফলতা প্রদর্শন কৰিবলৈ সক্ষম হৈছে৷ ব্লুমবার্গে ৫৩খন দেশক লৈ চলোৱা তালিকাত ৩০সংখ্যক স্থানত আছে ভাৰত৷

You might also like