নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওড়িশাত দেশীয় সুৰা পান কৰি ঘণ্টাৰ পিছত ঘণ্টা শুই থাকিল ২৪টাকৈ হাতী

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ: ওড়িশাৰ অৰণ্যত আজৱ ঘটনা। পৰম্পৰাগত দেশীয় সুৰা ‘মাহুৱা’ পান কৰি ঘণ্টাৰ পিছত ঘণ্টা শুই পৰে ২৪টা হাতী। অৱশেষত বিভিন্ন বাদ্য বজাই সুৰাসক্ত হাতীৰ জাকটোক জগাই তোলাৰ প্ৰয়াস কৰা হয়। পিছত হাতীৰ জাকটো পুনৰ গভীৰ হাবিলৈ উভতি যায়। ওড়িশাৰ কেওনঝাৰ জিলাৰ বাসিন্দাসকলে দাবী কৰিছে যে হাতী কেইটা মহুৱা খাই টোপনি গৈছিল। অৱশ্যে এই কথাত নিশ্চিত নহয় বন বিভাগ।

স্থানীয় এজন গাঁৱৰ লোকে কয়, “হাতীবোৰে আধা পকোৱা সুৰাখিনি সেৱন কৰিছিল। ফলত আমি সাৰ পাবলৈ চেষ্টা কৰোঁ আৰু বিফল হওঁ। পিছত বন বিভাগৰ কৰ্মচাৰীয়ে হাতীকেইটাক খেদি অৰণ্যৰ ভিতৰলৈ লৈ যায়।”

ইপিনে ৰেঞ্জাৰগৰাকীয়ে কয় যে, মহুৱা সুৰা সেৱন কৰি হাতী কেইটা টোপনি গৈছিল নে নাই সেয়া নিশ্চিত নহয়। হয়তো জিৰণি লৈ আছিল।
অৱশ্যে হাতী দলটো পুনৰ অৰণ্যলৈ ঘূৰি যোৱাত স্থানীয় লোকসকলে সকাহ অনুভৱ কৰিছে।

You might also like