নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রত অসুস্থ শিশুক ডিঙি চেপি হত্যা মাতৃৰ

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ: অসুখীয়া ২০ দিনীয়া সন্তানক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে৷ ঘটনাটো মহাৰাষ্ট্রৰ আপোলাৰ৷ আৰক্ষী সূত্রৰ খবৰ অনুসৰি অভিযুক্ত মহিলা ৱাদি আদমপুৰ গাঁৱৰ বাসিন্দা৷ নিজ কন্যা সন্তান অসুস্থ হোৱাত গ্রামীণ হাস্পতাললৈ লৈ গৈছিল মহিলাগৰাকীয়ে৷ মহিলাগৰাকীৰ সৈতে হাস্পতালত উপস্থিত আছিল ভাতৃও৷ কিন্তু প্রাথমিক স্বাস্থ্য কেন্দ্রৰ পৰা জিলা হাস্পতাললৈ শিশুটিক লৈ যোৱাৰ পৰামর্শ দিয়ে চিকিৎসকে৷ জিলা হাস্পতালত চিকিৎসকে পৰীক্ষা কৰাৰ পিছত শিশুটিৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে৷ চিকিৎসকৰ সন্দেহ হোৱাত শিশুটিৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়৷ তেতিয়াই মাতৃয়ে শিশুটিক ডিঙি চেপি হত্যা কৰা ঘটনাটো পোহৰলৈ আহে৷ ইতিমধ্যে অভিযুক্ত মাতৃক গ্রেপ্তাৰ কৰা হৈছে৷

You might also like