আকাশমাৰ্গৰ অভিযান তীব্ৰতৰ, একেদৰে চলিছে যুদ্ধ
বিশেষ বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান একেদৰেই চলি আছে। ৰুছ সেনাক প্ৰতিহত কৰিবলৈ পশ্চিমীয়া দেশৰ পৰা অৱশেষত অস্ত্ৰ-শস্ত্ৰ আহিল যদিও ৰাছিয়াৰ স্থিতি একেই আছে। স্থল সেনা আগুৱাই আহি থকাৰ সমান্তৰালকৈ বায়ু সেনাৰ আক্ৰমণো অব্যাহত আছে দেশখনত। ৰাছিয়াৰ ক্ষেপনাস্ত্ৰৰ আঘাতত ইউক্ৰেইনৰ বহু অট্টালিকা মুহূৰ্ততে জ্বলি ভস্মীভূত হৈছে। শেহতীয়াকৈ ৰাছিয়াৰ আকাশমাৰ্গেৰে চলোৱা অভিযানত ঝাইট’মীৰৰ এটা ঐতিহাসিক অট্টালিকা ধ্বংস হৈছে। একেদৰে ৰাজধানী কিয়েভত আকাশমাৰ্গৰ অভিযান চলাৰ সতৰ্কবাণী জাৰি কৰি সাধাৰণ নাগৰিকক আন ঠাইলৈ স্থানান্তৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে, দেশৰ হ’কে যুঁজ দিবলৈ ইউক্ৰেইনে কাৰাবন্দী আৰু অপৰাধৰ গোচৰত অভিযুক্ত নামৰিক লোকসকলক ৰেহা কৰিছে। ইপিনে, ইউক্ৰেইনৰ শেহতীয়া পৰিস্তিতি সন্দৰ্ভত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চস্তৰীয় বৈঠক আহ্বান কৰিছে। যুদ্ধবিধ্বস্ত দেশখনৰ পৰা ২৪৯ ভাৰতীয়ক কঢ়িয়াই আজি পুৱা দিল্লীত অৱতৰণ কৰিছে পঞ্চমখন বিশেষ বিমান। বাণিজ্যিক ক্ষেত্ৰত মাৰ্কিন ডলাৰৰ বিপৰীতে ৰাছিয়ান ৰুবেল ৪১ শতাংশ পৰিছে। আমেৰিকা-কানাডাৰ বিভিন্ন ঠাইত ৰাছিয়াৰ ভদকাৰ বিক্ৰী নিষেধ কৰা হ’ল। আনহাতে, মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে নাটোৰ নেতাসকলৰ সৈতে বিশেষ বৈঠক আহ্বান কৰিছে। ৰাছিয়াৰ বিমানৰ বাবে আকাশীমাৰ্গ নিষিদ্ধ কৰিলে ইউৰোপীয় সংঘই।