নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই কামলৈ ওলাল ‘ৰণলিয়া’

বিশেষ বাৰ্তা, ১৯ এপ্ৰিলঃ গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই কামত ব্যস্ত হ’ল ৰণলিয়া। অনুৰাগীয়ে ৰণবীৰ-আলিয়াৰ বিবাহৰ ফটো চাই চাই শেষ কৰিব নোৱাৰোতেই নৱবিবাহিত আলিয়া ওলাল কামলৈ। বিবাহৰ সকলো ৰীতি-নীতি সামৰণি মাৰি প্ৰত্যাহিক কামলৈ যোৱা দেখা গ’ল আলিয়া ভাট্টক। আজি জনপ্ৰিয় অভিনেত্ৰীগৰাকীক দেখা গ’ল মুম্বাই বিমানকোঠত। সাংবাদিকৰ কেমেৰাৰ পিনে চাই ধুনীয়া হাঁহি মাৰি সকলোৰে মন মুহিলে ন-বোৱাৰীয়ে। আলিয়াই পাতল গুলপীয়া ৰঙৰ চুট পিন্ধিছে।

হাতত এতিয়াও লাগি আছে জেতুকাৰ বোল। খবৰ অনুসৰি গংগুবাঈ ছবিখনেৰে বৰকৈ সমাদৃত হোৱা অভিনেত্ৰীগৰাকীয়ে ধৰ্মা প্ৰডাকছনৰ ‘ৰকী আউৰ ৰাণী কী প্ৰেম কাহানী’ ছবিখনৰ বাকী শ্বুটিং শেষ কৰিবলৈ জয়ছালমেৰলৈ যাব পাৰে। ইপিনে, ৰণবীৰ কাপুৰেও কথা মতে বিবাহৰ পাচতেই আগন্তুক ছবি ‘এনিমেল’ৰ শ্বুটিং আৰম্ভ কৰিছে।

You might also like