নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্ষয় তৃতীয়াত লাউডস্পীকাৰত মহা আৰতী কৰিব এম এন এছে

বিশেষ বাৰ্তা, ১৯ এপ্ৰিলঃ মছজিদত লাউডস্পীকাৰ প্ৰত্যাহাৰ বিতৰ্কই সদায় নতুন মোৰ লৈছে। এই বিতৰ্কক আজি আৰু ইন্ধন জোগাইছে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ এজন নেতাই। তেওঁ জনাইছে যে তেওঁলোকৰ দলীয় কৰ্মীয়ে অহা ৩ মে’ত গোটেই ৰাজ্যজুৰি অক্ষয় তৃতীয়া উপলক্ষে স্থানীয় হিন্দু মন্দিৰবোৰত মহা আৰতী কৰিব। নীতিন ছৰদেশাই নামৰ এম এন এছ নেতাজনে লগতে জনায় যে উক্ত মহা আৰতী লাউডস্পীকাৰযোগে সম্পন্ন কৰা হ’ব। আনহাতে, এই সন্দৰ্ভত সেনাৰ মুৰব্বী ৰাজ থাকৰেই তেওঁৰ গৃহত দলীয় নেতাসকলৰ সৈতে এখন বৈঠক আহ্বান কৰিছে। মছজিদত লাউডস্পীকাৰ সন্দৰ্ভত থাকৰেই আগতেই কৈছে যে দেশৰ মুছলমানসকলে বুজা উচিত যে ধৰ্ম কেতিয়াও দেশ আৰু আইনৰ উৰ্ধ্বত নহয়। ৰাজ থাকৰেই ৩ মে’লৈ সময়সীমাও বান্ধি দিছে।

You might also like