নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ জুনৰ পৰা আৰম্ভ অমৰনাথ যাত্রা

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ  অহা ২৮ জুনৰ পৰা আৰম্ভ হ’ব বার্ষিক অমৰনাথ যাত্রা৷ বিগত বর্ষত মহামাৰী ক’ভিড–১৯ৰ বাবে স্থগিত ৰখা অমৰনাথ যাত্রা ২৮ জুনত আৰম্ভ হৈ ২২ আগষ্টত সামৰণি পৰিব৷ জম্মু–কাশ্মীৰৰ অনন্তনাগ জিলাৰ পাহাৰগ্রাম পথেৰে ভক্তসকলে পৰম্পৰাগত ৩৬ কিলোমিটাৰ দৈর্ঘ্য অতিক্রম কৰি অমৰনাথত উপস্থিত হয়৷ ঠিক তেনেদৰে গাণ্ডেৰৱাল জিলাৰ বেলতল পথেৰে হ্রস্ব দৈর্ঘ্যৰ ১৪ কিলোমিটাৰ অতিক্রম কৰি এই ঐতিহাসিক অমৰনাথ যাত্রাত অংশগ্রহণ কৰে৷

মন কৰিবলগীয়া যে বার্ষিক অমৰনাথ যাত্রাৰ সময়ত সন্ত্রাসবাদী সংগঠনে ভাবুকি সৃষ্টি কৰি অহাৰ পৰিপ্রেক্ষিতত নিৰাপত্তা বাহিনীয়ে এই যাত্রাৰ ভক্তসকল সুৰক্ষা আৰু নিৰাপদ যাত্রাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে৷

You might also like