নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে এক কোটিৰ ক্ষতিপূৰণ দাবী মহিলাৰ; কিন্তু কিয়?

নিৰামিষৰ পৰিৱর্তে আমিষ পিজ্জা

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ নতুন দিল্লীস্থিত আমেৰিকাৰ পিজ্জা ৰেষ্টুৰেণ্টৰ এখন বিপণীৰ পৰা নিৰামিষ পিজ্জাৰ পৰিৱর্তে আমিষ পিজ্জা যোগদান ধৰাৰ বাবে এগৰাকী মহিলাই ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে এক কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছে৷

বিৱৰণী মতে দীপালী ত্যাগী নামৰ প্রকৃত নিৰামিষভোজী এগৰাকী মহিলাই ৰেষ্টুৰেণ্টখনৰ পৰা নিৰামিষ পিজ্জাৰ অর্ডাৰ দিয়ে৷ সেইমর্মে পিজ্জা মহিলাগৰাকীয়ে লাভ কৰে আৰু গ্রহণ কৰে৷ ইয়াৰ পাছতেই মহিলাগৰাকী অৱগত হয় যে তেওঁক যোগদান ধৰা পিজ্জা আমিষহে৷ ইয়াকে লৈ ক্ষুণ্ণ মহিলাগৰাকীয়ে এক কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে গ্রাহক আদালতত গোচৰ ৰুজু কৰিছে৷

অভিযোগত মহিলাগৰাকীয়ে প্রকাশ কৰা মতে তেওঁ এগৰাকী প্রকৃত নিৰামিষভোজী৷ ধর্মীয় বিশ্বাস, সংস্কাৰ, পৰিয়াল পৰম্পৰা, নিজা চেতনা আৰু পছন্দ অনুসৰি যিহেতুকে তেওঁ নিৰামিষভোজী৷ গতিকে কিয় তেওঁৰ এই বিশ্বাসক প্রতাৰণা কৰা হৈছে৷ তাৰ বাবেই ক্ষতিপূৰণৰ দাবীৰে গ্রাহক আদালতত অভিযোগ দাখিল কৰিছে৷

You might also like