নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাইনাছ ৪৬ ডিগ্ৰীত আছে ভাৰতীয় সেনাঃ আমেৰিকান প্রযুক্তিৰে নির্মিত উষ্ণ তম্বু যোগান

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ লাডাখৰ সীমান্তত মাইনাছ ৪০ ডিগ্রী চেলছিয়াছত কর্মৰত সেনা জোৱানৰ জীৱন যাপনৰ সুবিধা বৃদ্ধিৰে আধুনিক উষ্ণ তম্বু স্থাপন কৰা হৈছে৷ চীনক প্রতিহত কৰিবলৈ লাডাখ সীমান্তত মোতায়েন হৈ থকা সেনাৰ অত্যন্ত শীতত কর্তব্যত অসুবিধাৰ প্রতি লক্ষ্য ৰাখি এই উষ্ম তম্বু স্থাপন কৰা হৈছে বুলি সেনাৰ বিবৃতিত প্রকাশ৷

নৱেম্বৰৰ পিছত লাডাখ সীমান্তত ৪০ ফুটলৈকে বৰফৰ স্তূপ বৃদ্ধি হোৱাৰ লগতে –৩০ৰ পৰা ৪০ ডিগ্রীলৈকে উষ্ণতা নিম্নগামী হয়৷ এই সময়ছোৱাত সীমান্তৰ প্রহৰী সেনা জোৱানে পহৰা দিয়াৰ লগতে জীৱন যাপন কৰাটো অত্যন্ত কষ্টসাধ্য হৈ পৰে৷

আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে লজিষ্টিকছ সমর্থন ভাৰতে লাভ কৰাৰ পিছতে দেশখনৰ পৰা ১৫ হাজাৰতকৈও অধিক এক্সটেনডেড ক’ল্ড ৱেডাৰ ক্লথিং ছিষ্টেম (ইচিডব্লিউচিএছ) ছেট আমদানি কৰা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ সৈতে লজিষ্টিকছ এক্সছেঞ্জড মেম’ৰেণ্ডাম অৱ এছ’চিয়েচন (এলইএম’এ) ২০১৬ চনত স্বাক্ষৰিত হোৱাৰ পিছতে ভাৰতে এনে সুবিধা লাভ কৰিছে৷

লক্ষণীয় যে যোৱা ১৫ জুনত লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতেই সীমান্তত এতিয়ালৈকে দুই দেশৰ মাজত উত্তেজনা চলি আহিছে৷ এই উত্তেজনা অব্যাহত থকাৰ সময়তে নতুন দিল্লীয়ে সীমান্তত সেনাৰ সুবিধাৰ বাবে আন্তঃগাঁথনি উন্নীত কৰাৰ লগতে সেনাক শক্তিশালী কৰাত অধিক গুৰুত্ব দিছে৷

সেইমর্মেই লাডাখ সীমান্তত কর্মৰত জোৱানৰ জীৱন সচ্ছল কৰাৰ বাবে আধুনিক উষ্ম তম্বু স্থাপন কৰিছে৷ ইপিনে, জম্মু–কাশ্মীৰৰ কুপৱাৰা জিলাৰ এল’চিত সেনাৰ নিৰীক্ষণ চকী হিমস্খলনৰ প্রভাৱ পৰে৷ হিমস্খলনৰ ফলত এজন সেনা জোৱান নিহত হোৱাৰ লগতে দুজন আহত হয়৷ জম্মু–কাশ্মীৰ দুর্যোগ ব্যৱস্থাপনাৰ তথ্য অনুসৰি কুপৱাৰা জিলাৰ ৰোচন প’ষ্ট হিমস্খলনৰ কবলত পৰে৷

ততালিকে তিনিজন সেনা জোৱানক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও এজনৰ মৃত্যু ঘটে আৰু বাকী দুজন চিকিৎসাধীন হৈ আছে৷ মৃত জোৱানজনক ৭ ৰাষ্ট্রীয় ৰাইফলছৰ ৰাইফল মেন নিখিল শর্মা (২৫) বুলি চিনাক্ত কৰা হৈছে৷ আহত দুজন হৈছে ৰমেশ চান্দ আৰু গুৰবিন্দৰ সিং৷

You might also like