নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ত ১২ মাহে ব্যস্ত থাকিব টীম ইণ্ডিয়া

খেলিব লাগিব ১৪খন টেষ্ট, ১৬খন এদিনীয়া, ২৩খন টি–২০

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ফলত চলিত বর্ষত ক্রিকেট মেচ আয়োজন কৰিব নোৱৰাত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা বি চি চি আয়ে এই ক্ষতি পূৰণ কৰিবলৈ অহা বর্ষত টীম ইণ্ডিয়াৰ বাবে অতি ব্যস্ত ক্রিকেট সূচী প্রস্তুত কৰিছে৷ এই অনুসৰি ভাৰতীয় ক্রিকেট দলটোৱে এছিয়া কাপ টি–২০, আই চি চি টি–২০ বিশ্বকাপ আৰু আই পি এলৰ বাহিৰে ১৪খন টেষ্ট, ১৬খন এদিনীয়া আৰু ২৩খন টি–২০ মেচ খেলিব লাগিব৷ চলিত বর্ষৰ স্থগিত হৈ থকা শৃংখলাসমূহ পুনৰ নির্ধাৰণ কৰি প্রস্তুত কৰা এই ব্যস্ত সূচীৰ ফলত বিৰাট কোহলি বাহিনীয়ে ২০২১ চনত ১২ মাহে ক্রিকেটৰ পথাৰত ব্যস্ত থাকিব লাগিব৷

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আনুষ্ঠানিকভাৱে এইপর্যন্ত ২০২১ৰ ক্রিকেট সূচী ঘোষণা কৰা নাই যদিও ব’ডৰ এক শীর্ষ সূত্রই আজি এই কথা প্রকাশ কৰিছে৷ ২০২১ৰ সূচী অনুসৰি টীম ইণ্ডিয়াই অষ্ট্রেলিয়াৰ পৰা উভতি আহি জানুৱাৰী–ফেব্রুৱাৰীত ঘৰৰ মাটিত ইংলেণ্ডৰ বিৰুদ্ধে চাৰিখন টেষ্ট, চাৰিখন এদিনীয়া আৰু চাৰিখন টি–২০ মেচ খেলিব৷ ইয়াৰ পিছতে মার্চৰ পৰা মে’ মাহলৈ খেলুৱৈসকল চতুর্দশ আই পি এলত ব্যস্ত হৈ পৰিব৷

আই পি এল সামৰিয়ে বিৰাট কোহলি বাহিনী জুনত তিনিখন এদিনীয়া আৰু পাঁচখন টি–২০ মেচৰ সূচী লৈ শ্রীলংকালৈ উৰা মাৰিব৷ এই শৃংখলা সামৰি দলটো স্বদেশলৈ ঘূৰি আহিব যদিও এছিয়া কাপ টি–২০ৰ বাবে জুলাইত পুনৰ শ্রীলংকালৈ ৰাওনা হ’ব৷ জুলাইৰ শেষৰ ফালে টীম ইণ্ডিয়াৰ পৰৱর্তী লক্ষ্য হ’ব জিম্বাব’ৱে৷ দেশখনত দলটোৱে তিনিখন এদিনীয়া খেলিব৷ ইয়াৰ পিছত আগষ্ট–ছেপ্ঢেম্বৰত কোহলি বাহিনীয়ে ইংলেণ্ডৰ মাটিত পাঁচখন টেষ্ট মেচৰ প্রত্যাহ্বানজনক শৃংখলাত অৱতীর্ণ হ’ব৷ দুমাহ ইংলেণ্ডত কটোৱাৰ পিছত ভাৰতীয় খেলুৱৈসকল স্বদেশলৈ উভতি আহি অক্টোবৰত দক্ষিণ আফ্রিকাৰ মুখামুখি হ’ব৷

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে দলটোৱে তিনিখন এদিনীয়া আৰু পাঁচখন টি–২০ মেচ খেলিব৷ এই শৃংখলাৰ পিছতে ভাৰতৰ মাটিত অনুষ্ঠিত হ’ব আই চি চি টি–২০ বিশ্বকাপ৷ দ্বিতীয়বাৰৰ বাবে টি–২০ বিশ্বকাপ জয়ৰ লক্ষ্যৰে মেগা ইভেণ্টখনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পিছত ডিচেম্বৰত টীম ইণ্ডিয়াই দেশৰ মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্ট আৰু তিনিখন টি–২০ খেলিব৷ নৱেম্বৰত এই শৃংখলা সম্পন্ন কৰি দলটো উৰা মাৰিব দক্ষিণ আফ্রিকা অভিমুখে৷ ডিচেম্বৰত আৰম্ভ হ’বলগীয়া দক্ষিণ আফ্রিকা ভ্রমণত ভাৰতে তিনিখন টেষ্ট আৰু তিনিখন টি–২০ খেলিব৷ ব’ডৰ সূত্রটোৱে জানিবলৈ দিয়া অনুসৰি এই ব্যস্ত ক্রিকেট সূচীৰ প্রতি লক্ষ্য ৰাখি খেলুৱৈসকলক সালসলনি কৰি দলত সুযোগ দিয়া হ’ব৷

You might also like