নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ, প্ৰতিক্ৰিয়া ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ অসম সন্তান তথা ভাৰতৰ সংবাদ জগতৰ জনপ্ৰিয় সাংবাদিক অৰ্ণৱ গোস্বামীক আজি পুৱা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

অৰ্ণৱ গোস্বামীয়ে অভিযোগ কৰা মতে, তেওঁক বলপূৰ্বকভাৱে গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ সন্তানৰ ওপৰতো মুম্বাই পুলিচে নিৰ্যাতন চলায়। মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে তেওঁক গ্ৰেপ্তাৰ কৰি আলিবাগ আৰক্ষী থানলৈ লৈ যায়। এটা ইতিমধ্যে অন্ত পৰা গোচৰৰ ভিত্তিত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা বুলি ৰিপাব্লিক টিভিয়ে উল্লেখ কৰে।

আনহাতে, অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক গৰিহণা দিছে অসমৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই টুইটযোগে কয় যে এয়া সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত মুম্বাই চৰকাৰৰ হস্তক্ষেপ।

You might also like