নিয়মীয়া বাৰ্তা, ৩১ মার্চ: দেশত ক’ৰোনা ভাইৰাছৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে আৰু ভাৰতবর্ষ এক বিপজ্জনক স্থিতিত উপনীত হৈছে৷ এই মন্তব্য নিটি আয়োগৰ সদস্য ড০ ভি কে পালৰ৷ দেশত ক’ভিডৰ পৰিস্থিতি সন্দর্ভত এক সংবাদ মেল সম্বোধন কৰি তেওঁ কয় যে দৈনিক নতুন নতুন আক্রান্তৰ সংখ্যাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷ কিছু কিছু স্থানত পৰিস্থিতি নিয়ন্ত্রণত আছে যদিও সামগ্রিকভাৱে দেশৰ পৰিস্থিতি এতিয়া বিপজ্জনক হৈ আছে৷ ভাইৰাছ নির্মূল কৰাটো অত্যন্ত আৱশ্যক হৈ পৰিছে বুলিও তেওঁ উল্লেখ কৰে৷
মহামাৰী ক’ৰোনা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে সমগ্র দেশত আতংকৰ সৃষ্টি কৰাৰ সময়তে নিটি আয়োগৰ এই সতর্কবাণী অত্যন্ত গুৰুত্বপূর্ণ বিবেচিত হৈছে৷
উল্লেখ্য যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা বিবৃতি অনুসৰি মঙলবাৰৰ দিনটোত দেশত ৫৬,২১১গৰাকী লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷
কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে মহাৰাষ্ট্রৰ সাপ্তাহিক গড় পজিটিভিটীৰ হাৰ ২৩ শতাংশলৈ বৃদ্ধি পাইছে৷ এই মুহূর্তত ৰাষ্ট্রীয় সাপ্তাহিক পজিটিভিটীৰ হাৰ হ’ল ৫.৬৫ শতাংশ৷
আনহাতে, পর্যাপ্ত পৰিমাণে ক’ভিড টেষ্ট সম্পন্ন নকৰা আৰু ক’ভিড আক্রান্তক সঠিকভাৱে আইছ’লেচন কৰিব নোৱৰাৰ বাবে পঞ্জাব চৰকাৰক কেন্দ্রই কালি ভর্ৎসনা কৰিছে৷
শেহতীয়াকৈ জানিব পৰা অনুসৰি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্য সচিবলৈ ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত পর্যাপ্ত ব্যৱস্থা গ্রহণৰ নির্দেশনা জাৰি কৰিছে৷