নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম জয়ন্তীয়া পাহাৰত অঘটন: গভীৰ নাদ নির্মাণস্থলীত ৫ শ্রমিকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰত মঙলবাৰে এক শোকাৱহ দুর্ঘটনাই পাঁচগৰাকী শ্রমিকৰ প্রাণ কাঢ়ি নিয়ে৷

আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি অঞ্চলটোৰ এটা গভীৰ নাদ নির্মাণস্থলীত আবদ্ধ হৈ পাঁচগৰাকী শ্রমিক মৃত্যুমুখত পৰে৷ ৩৫ মিটাৰ গভীৰ নাদটোত মুঠ ৭জন শ্রমিকে নির্মাণকার্য চলাই আছিল৷ জোৱাই চহৰৰ পৰা কিছু নিলগৰ দুর্ঘটনাস্থলীৰ পৰা উদ্ধাৰকাৰী দলে পাঁচগৰাকী শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আন দুগৰাকীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

You might also like