নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ বিস্ফোৰণত কঁপি উঠিল মহাৰাষ্ট্ৰৰ নাগপুৰ, ১৭জনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ১ মাৰ্চ : মহাৰাষ্ট্ৰৰ নাগপুৰত দেওবাৰে এক মর্মান্তিক দুর্ঘটনা সংঘটিত হয়। বেচৰকাৰী বিস্ফোৰক নিৰ্মাণকাৰী কোম্পানীৰ কাৰখানাত সংঘটিত ভয়ংকৰ বিস্ফোৰণত অন্ততঃ ১৭জনৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোত আন ১৮জন গুৰুতৰভাৱে আহত হয়। আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। সমগ্ৰ ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।

উল্লেখ্য যে নাগপুৰৰ ওচৰৰ কাটোলৰ ৰাউলগাঁৱত অৱস্থিত এটা কাৰখানাত ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়। এছবিএল এনাৰ্জী লিমিটেড নামৰ কোম্পানীটোৱে খনিত ব্যৱহাৰ হোৱা বিস্ফোৰক তৈয়াৰ কৰিছিল। আনদিনাৰ দৰে দেওবাৰেও পুৱা শ্ৰমিকসকলে আহি কামত যোগ দিছিল। পুৱা প্ৰায় ৬ৰ পৰা ৭ বজাৰ ভিতৰত ডিটোনেটৰ পেকিং ইউনিটত সংঘটিত শক্তিশালী বিস্ফোৰণত সমগ্ৰ অঞ্চল কঁপি উঠে। বহু দূৰলৈকে বিস্ফোৰণৰ শব্দ শুনিবলৈ পাইছিল গাঁৱৰ লোকসকলে। ক’লা ধোঁৱাই আগুৰি ধৰে সমগ্ৰ অঞ্চল। ঘটনাৰ পিছতে অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰে।

দুৰ্ঘটনাৰ খবৰ পাই তৎক্ষণাত ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। জুই নিয়ন্ত্ৰণ কৰিবলৈ আৰু আহত শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰে। ঘটনাস্থলীতে ১৭জনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ১৮জন। বিস্ফোৰণৰ ফলত কাৰখানাৰ কেইবাটাও অংশ ভাঙি পৰে। তাতো কিছু শ্ৰমিক আবদ্ধ হৈ থাকিব পাৰে বুলি আশংকা কৰা হৈছে। দুৰ্ঘটনাৰ কাৰণ অৱশ্যে এতিয়াও স্পষ্ট নহয়। সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

You might also like