নিয়মীয়া বাৰ্তা, ১ আগষ্ট: সক্রিয় ৰাজনীতি ত্যাগ কৰিলে বিজেপি সাংসদ তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী বাবুল সুপ্রিয়ই৷ পশ্চিমবংগৰ বিজেপিৰ বলিষ্ঠ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী বাবুল সুপ্রিয়ই ফেচবুকত সক্রিয় ৰাজনীতি এৰিলে বুলি প্রকাশ কৰাৰ পাছতেই আলোড়নৰ সৃষ্টি হৈছে৷
পশ্চিমবংগৰ শাসকীয় তৃণমূলৰ হাতত বিগত বিধানসভা নির্বাচনত বিজেপিয়ে পৰাজয়বৰণ কৰা আৰু মোদী চৰকাৰৰ প্রথম মন্ত্রীসভা সম্প্রসাৰণত মন্ত্রিত্বৰ পৰা অপসাৰিত সাংসদ বাবুল সুপ্রিয়ই ফেচবুকত সক্রিয় ৰাজনীতিক বিদায় বুলি প্রকাশ কৰিছে৷ পিতৃ–পত্নী আৰু কন্যা–বন্ধু–বান্ধৱৰ্ সৈতে আলোচনাৰ অন্তত সক্রিয় ৰাজনীতি ত্যাগ কৰা বুলি ঘোষণা কৰিছে বিজেপি সাংসদ সুপ্রিয়ই৷ এই কথাও স্পষ্ট কৰি দিছে যে আন কোনো দললৈ নাযায়৷