নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰ অশান্ত কৰাৰ ব্লু–প্রিণ্ট পাকিস্তানৰঃ ভাৰতৰ সীমান্তত ৩০০ সন্ত্রাসবাদী

নিয়মীয়া বাৰ্তা, ১ আগষ্ট:  পাকিস্তান চৰকাৰৰ পৃষ্ঠপোষকতাত লালিত–পালিত হৈ থকা সন্ত্রাসবাদী সংগঠনসমূহে ভাৰতৰ জম্মু–কাশ্মীৰ অশান্ত কৰাৰ ব্লু–প্রিণ্ট ৰচনা কৰিছে৷ নিষিদ্ধ সংগঠনৰ অলবদৰ পুৰুজ্জীৱিত হৈ জম্মু–কাশ্মীৰৰ এলঅ’চি আৰু আন্তর্জাতিক সীমান্তৰ সমীপত পাকিস্তানৰ ভূমিত সন্ত্রাসবাদীৰ শিবিৰ স্থাপন কৰি প্রশিক্ষণৰ লগতে ভাৰতৰ ভূমিত অনুপ্রৱেশৰ ক্ষণ গণি আছে৷

নতুন দিল্লীৰ চোৰাংচোৱা সংস্থাৰ সূত্রই প্রকাশ কৰা মতে পৰৱর্তী কেইসপ্তাহমানত সীমান্তৰে অনুপ্রৱেশ কৰি পাকিস্তানী সন্ত্রাসবাদীয়ে জম্মু–কাশ্মীৰ অশান্ত কৰাৰ ব্লু–প্রিণ্ট ৰচনা কৰিছে৷ তথ্যমতে সীমান্তত ২২৫ৰ পৰা ৩০০ সন্ত্রাসবাদী ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰাৰ বাবে ক্ষণ গণি আছে৷ এইক্ষেত্রত এই সন্ত্রাসবাদীক অনুপ্রৱেশৰ বাবে প্রয়োজনীয় সুযোগ পাকিস্তানী সেনাই প্রদান কৰিব বুলি প্রকাশ পাইছে৷ চোৰাংচোৱাৰ শীর্ষসূত্রত প্রকাশ পোৱা মতে এল’চিৰ সিপাৰে পাকিস্তানৰ ভূমিত ১৪টা সন্ত্রাসবাদীৰ শিবিৰ আছে৷ এই শিবিৰকেইটা টাংধৰ, নৌগ্রাম, পুৰী, পুঞ্চ, পালানৱালা, মাছাল, কৃষ্ণাঘাটি, নৌছেৰা, ভীমবাৰ গল্লি আদিত আছে৷ পিৰ পঞ্জল পাহাৰতো ১০০ৰ পৰা ১৫৬ সন্ত্রাসবাদীয়ে সাজু হৈ আছে৷

ইপিনে, পাকিস্তানৰ সীমান্তৰ পঞ্জাবত আজি বিএছএফে দুই পাকিস্তানী অনুপ্রৱেশকাৰীক গুলীয়াই হত্যা কৰে৷ বিএছএফৰ সূত্রই প্রকাশ কৰা মতে পঞ্জাবৰ সীমান্তৰ ফিৰিজপুৰ জিলাত দুই পাকিস্তানীয়ে ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰিবলৈ চেষ্টা চলাওঁতেই বিএছএফে গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছে৷ অনুপ্রৱেশকাৰী দুটাৰ পৰা মাৰণাস্ত্রও জব্দ কৰে বিএছএফে৷

You might also like