নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিডল ইষ্ট গ্রীন ইনিচিয়েটিভ ছামিটঃ প্রধানমন্ত্রী মোদীক আমন্ত্রণ চৌদি আৰবৰ

নিয়মীয়া বাৰ্তা, ১ আগষ্ট:  ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱর্তনৰ কার্যসূচীত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি থকা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক মিডল ইষ্ট গ্রীন ইনচিয়েটিভ ছামিটত অংশগ্রহণৰ বাবে আমন্ত্রণ জনাইছে চৌদি আৰবৰ ক্রাউন প্রিন্স মহম্মদ বিন ছালমানে৷ চৌদি গ্রীন ইনচিয়েটিভৰ সৈতে সংযুক্ত কৰি মিডল ইষ্ট গ্রীন ইনচিয়েটিভ যোৱা মার্চ মাহত ঘোষণা কৰাৰ পাছত অহা অক্টোবৰত আয়োজন কৰা হৈছে মিডল ইষ্ট গ্রীন ইনচিয়েটিভ ছামিট৷ এই ছামিটত অংশগ্রহণৰ বাবে প্রধানমন্ত্রী মোদীক আমন্ত্রণ জনোৱা হৈছে৷

উল্লেখ্য যে চৌদি আৰবে জলবায়ু পৰিৱর্তনৰ সৈতে যুঁজ কৰাৰ লক্ষ্যৰে ইনচিয়েটিভ গঠন কৰিছে আৰু ইয়াৰ জৰিয়তে সমগ্র অঞ্চলটোত জলবায়ু পৰিৱর্তনৰ যুঁজক আগবঢ়াই নিয়াৰ লক্ষ্য লৈছে৷

মন কৰিবলগীয়া যে মিডল ইষ্ট গ্রীন ইনচিয়েটিভে গাল্ফ কোপাৰেচন কাউন্সিল (জিচিচি) দেশসমূহৰ সৈতে সন্মিলিত হৈ মধ্যপ্রাচ্যৰ দেশসমূহত ৪০ বিলিয়ন গছৰ পুলি ৰোপণ কৰিব৷ প্রায় ২০০ নিযুত হেক্টৰ অনুর্বৰ ভূমিত এই গছপুলিসমূহ ৰোপণ কৰাৰ পৰিকল্পনা প্রস্তুত কৰিছে৷

You might also like