নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংক প্রৱঞ্চনাত জড়িত ৩৮জনৰ দেশ এৰি পলায়ন

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ কেন্দ্রীয় তদন্তকাৰী সংস্থা চি বি আই তদন্তৰ অভিযুক্ত ৩৮জন বেংক প্রৱঞ্চনা গোচৰত জড়িত লোকে দেশ এৰি পলায়ন কৰা বুলি লোকসভাত কেন্দ্রীয় চৰকাৰে তথ্য প্রকাশ কৰিছে৷ সাংসদ ডীন কুৰিয়াকোজে সোধা প্রশ্ণৰ লিখিত উত্তৰ দি কেন্দ্রীয় ৰাজ্যিক বিত্তমন্ত্রী অনুৰাগ সিং ঠাকুৰে কয় যে ২০১৫ চনৰ ১ জানুৱাৰীৰ পৰা ২০১৯ চনৰ ৩১ ডিচেম্বৰলৈকে বেংকত বিত্তীয় অনিয়ম সংঘটিত কৰা ৩৮জন লোকৰ বিৰুদ্ধে তদন্ত চলাইছে চি বি আয়ে৷ এই তদন্ত চলাই থকা ৩৮জন লোকেই দেশ এৰি পলায়ন কৰিছে৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, এনফ’চমেণ্ট ডিৰেক্টৰেট (ই ডি)য়ে ইয়াৰে ২০জনৰ বিৰুদ্ধে ইণ্টাৰপ’লৰ যোগেদি ৰে’ডকর্নাৰ নটিচ জাৰি কৰিছে৷

পলাতক অর্থনৈতিক অপৰাধ আইন ২০১৮ৰ অধীনত বিভিন্ন দেশত বাহৰ পাতি থকা ১৪জনৰ প্রত্যর্পণৰ বাবে নতুন দিল্লীয়ে এই দেশসমূহক আবেদন জনাইছে৷ বিদেশলৈ পলায়ন কৰা এই ৩৮জন বেংক প্রৱঞ্চকৰ ভিতৰত ৯ হাজাৰ কোটিটকীয়া কেলেংকাৰিত জড়িত সুৰা সম্রাট বিজয় মালিয়া, ১২ হাজাৰ কোটিটকীয়া পঞ্জাব নেচনেল কেলেংকাৰিত জড়িত হীৰা ব্যৱসায়ী নীৰৱ মোদী, মেহুল ছোস্কি আৰু পৰিয়াল, ১৫ কোটিটকীয়া কেলেংকাৰিত জড়িত ছন্দেছাৰা আছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে কেন্দ্রীয় চৰকাৰে ২০১৯ চনৰ ৪ জানুৱাৰীত ই ডিৰ তথ্যৰ আধাৰত বিগ ত ৫ বছৰত ২৭জন বেংক প্রৱঞ্চনা গোচৰত জড়িত লোকে পলায়ন কৰা বুলি ঘোষণা কৰিছিল৷

তাৎপর্যপূর্ণ যে যোৱা মার্চ মাহৰ এছ বি আইৰ ৪১৪ কোটি টকাৰ প্রৱঞ্চনা কৰি ৰামদেৱ ইণ্টাৰনেচনেল লিমিটেডৰ দুজন সঞ্চালকে দেশ এৰি পলায়ন কৰাৰ লগতে জুলাই মাহত পঞ্জাব বাছমতি ৰাইচ লিমিটেডৰ সঞ্চালক মনজিৎ সিং মাখনীয়ে কানাৰা বেংকৰ ৩৫০ কোটি টকা প্রৱঞ্চনা কৰি কানাডালৈ পলায়ন কৰিছে৷ লোকসভাত কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা ৩৮জনৰ ভিতৰত এই তিনিজন সন্নিৱিষ্ট হোৱা নাই৷ অর্থাৎ বেংক প্রৱঞ্চনা গোচৰত জড়িত চৰকাৰে প্রকাশ কৰা ৩৮জনৰ সৈতে তিনিজনে যোগ দিলে মুঠ ৪১জন বেংক প্রৱঞ্চক দেশ এৰি পলায়ন কৰি বিদেশত আছে৷

You might also like