নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুদর্শন নিউজ চেনেলক কঠোৰ সমালোচনা ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ সুদর্শন নিউজ টেলিভিছন চেনেলে ইউ পি এছ চি প্রৱেশ পৰীক্ষাৰ জৰিয়তে অসামৰিক সেৱাত মুছলমানৰ অনুপ্রৱেশ ঘটাৰ উপৰি ইয়াক জেহাদ আখ্যা দিয়া বিষয়টো সন্দর্ভত তীব্র ক্ষোভ উজাৰিছে উচ্চতম ন্যায়ালয়ে৷ আজি দেশৰ শীর্ষ আদালতখনে অধিবক্তা ফিৰোজ ইকবাল খানৰ এক আবেদনৰ শুনানি গ্রহণ কৰি টেলিভিছন চেনেলটোৰ ‘বিন্দাছ বোল’ শীর্ষক কার্যসূচীয়ে বিভেদকামী চিন্তাৰ প্রতিফলন ঘটোৱা বুলি উল্লেখ কৰিছে৷

ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন তিনিজনীয়া বিচাৰপতিৰ বিচাৰপীঠে চেনেলটোৰ এনে কার্যসূচীয়ে দেশৰ ঐক্যৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ উপৰি ইউ পি এছ চি পৰীক্ষাৰ বিশ্বাসযোগ্যতাত কলংক সানিব বুলি কঠোৰ মন্তব্য আগবঢ়াইছে৷ ন্যায়াধীশ চন্দ্রচূড়ে আবেদনখনৰ শুনানি গ্রহণ কৰি কয় যে টেলিভিছন চেনেল এটাৰ এনেধৰণৰ বিভেদকামী কার্যসূচীয়ে দেশত অস্থিৰতাৰ সৃষ্টি কৰিব৷

ইফালে, ইউ পি এছ চিৰ দৰে গুৰুত্বপূর্ণ পৰীক্ষাৰ বিশ্বাসযোগ্যতাত কালিমা সানিব বুলিও ন্যায়াধীশ চন্দ্রচূড়ে প্রতিক্রিয়া প্রকাশ কৰিছে৷ স্মর্তব্য যে ‘বিন্দাছ বোল’ শ্ব’ৰ এংকৰগৰাকীৰ মন্তব্যক কেন্দ্র কৰি বিভিন্ন মহলত সৃষ্টি হৈছিল ক্ষোভ৷

You might also like