নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনত ‘তালিবান’ আখ্যা দি শিখ চালকক প্রহাৰ

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ   গ্রেট ব্রিটেইনত এগৰাকী ভাৰতীয় মূলৰ শিখ টেক্সিচালকক চাৰিজনীয়া লোকৰ দল এটাই তালিবান আখ্যা দি গালি–গালাজ কৰাৰ লগতে প্রহাৰ কৰে৷ বিৱৰণী মতে, ইংলেণ্ডৰ দক্ষিণ–পশ্চিম অঞ্চলৰ চহৰ ৱর্কশ্বায়াৰৰ সমীপৱর্তী ৰিডিঙৰ গ্রছভেনৰ কেছিন’ৰ পৰা চাৰিজন লোকে টেক্সি ভাৰা কৰি ঘৰলৈ ওভতাৰ পথতে চালকজনৰ সৈতে বাক্–বিতণ্ডাত লিপ্ত হয়৷ টেক্সিখনত যাত্রী হিচাপে থকা চাৰিজন লোকৰ ভিতৰত দুজনে আনকি শিখ চালকজনৰ মূৰৰ পাগুৰিটো খুলি পেলাবলৈও চেষ্টা চলায়৷ বাক্–বিতণ্ডাৰ মাজতে চাৰিজনীয়া দলটোৱে চালকজনক প্রহাৰ কৰে৷ ঘটনা সন্দর্ভত শিখ চালকজনে আৰক্ষী থানাত গোচৰ ৰুজু কৰাত প্রহাৰ কৰা লোককেইজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে৷ বি বি চিত প্রকাশ পোৱা বাতৰি মতে ৱর্কশ্বায়াৰত সংগীতৰ শিক্ষক হিচাপে কর্মৰত বনিত সিঙে মাজে–সময়ে টেক্সিও চলায়৷ যোৱা দেওবাৰে নিশা বনিত সিঙে টেক্সি চলাওঁতেই অপ্রীতিকৰ ঘটনাটিৰ সন্মুখীন হয়৷ পত্নী আৰু তিনি সন্তানৰ সৈতে টিলেহার্ষ্টত বসবাস কৰি থকা বনিত সিঙে ঘটনা সন্দর্ভত টেমছ ভেলী আৰক্ষীত অভিযোগ দাখিল কৰে আৰু আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনাৰ অনুসন্ধান চলাই দুর্বৃত্তৰ দলটোক কৰায়ত্ত কৰিবলৈ অভিযান চলাই আছে৷

You might also like