নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ৰ শেষলৈ থাকিব ক’ভিড–১৯ৰ বিভীষিকাঃ ফাউছি

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ  মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত যথেষ্ট সফল হোৱা বুলি দাবী কৰি থকাৰ সময়তে দেশখনৰ বিশেষজ্ঞ চিকিৎসক এণ্টনি’ ফাউছিয়ে ২০২১ চনৰ শেষলৈকে ক’ভিড–১৯ৰ বিভীষিকা অব্যাহত থাকিব পাৰে বুলি আশংকা কৰিছে৷ আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অৱ এলার্জী এণ্ড ইনফেকছাছ ডিজিজৰ সঞ্চালক ফাউছিয়ে উল্লেখ কৰা অনুসৰি ক’ৰোনাৰ পূর্বৰ অৱস্থা পুনৰ ওভতাই পাবলৈ হ’লে ২০২১ৰ শেষলৈকে অপেক্ষা কৰিব লাগিব পৃথিৱীবাসী৷ লক্ষণীয়ভাৱে ক’ভিড সংক্রমণৰ হাৰ এতিয়াও ভয়াৱহ বুলি অভিহিত কৰিছে বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে৷ বর্তমান মুহূর্তত ক’ভিড–১৯ নিয়ন্ত্রণ কৰিব পৰা অৱস্থাত নাই বুলি আশংকা কৰিছে চিকিৎসকগৰাকীয়ে৷

You might also like