নিয়মীয়া বাৰ্তা,২০ মে’: বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। চিবিআইয়ে পাটনাত লালু যাদৱ আৰু তেওঁৰ জীয়েকৰ ঘৰকে ধৰি বিহাৰ আৰু দিল্লীৰ ১৭ টা ঠিকনাত আজি পুৱাই চলাই তালাচী। ৰেলৱে’ বিভাগত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত চলোৱা হৈছে এই অভিযান ৷ ২০০৪ চনৰ পৰা ২০০৯চনলৈ কেন্দ্ৰীয় ৰেলমন্ত্ৰী আছিল লালু প্ৰসাদ যাদৱ ৷ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ৰে’ল মন্ত্ৰী হৈ থাকোতে একাধিক নিযুক্তি সম্পৰ্কীয় গোচৰত দুৰ্নীতিত জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈছে। লালুৰ জীয়েকৰ বিৰুদ্ধে একাধিক পদৰ বাবে ধন বা ভূমিৰ বিনিময়ত নিযুক্তি দিয়াৰো অভিযোগ উত্থাপিত হৈছিল। অৱশ্যে, কোনটো নিযুক্তিত বা কিমান টকা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
#WATCH Police presence outside the Patna residence of former Bihar CM Rabri Devi as CBI conducts raids at multiple locations of RJD Chief Lalu Yadav in a fresh case relating to alleged ‘land for railway job scam’#Bihar pic.twitter.com/mwIdvdT9N3
— ANI (@ANI) May 20, 2022
মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে লালু প্ৰসাদ যাদৱক পশুখাদ্য কেলেংকাৰীৰ মুঠ পাঁচটা গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। ২০১৭ চনৰ ডিচেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে কাৰাগাৰলৈ গৈছিল। বিহাৰৰ জ্যেষ্ঠ নেতাজন তেতিয়াৰ পৰা দীৰ্ঘদিন ধৰি কাৰাগাৰতে আছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি হ’ব লগা হৈছিল। লালুক যোৱা মাহত পশুখাদ্য কেলেংকাৰীৰ গোচৰটোত কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল।