নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ২৯ জিলাত সাত লক্ষাধিক বন্যার্তৰ হাহাকাৰঃ ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ দলীয় কৰ্মীক আহ্বান ৰাহুল গান্ধীৰ

নিয়মীয়া বাৰ্তা,২০ মে’: জটিলৰ পৰা ক্রমাৎ জটিলতৰ ৰূপ ধাৰণ কৰা বান পৰিস্থিতিয়ে সম্প্রতি ৰাজ্যত বিভীষিকাৰ সৃষ্টি কৰিছে৷ নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ ফলত ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ওফন্দি উঠাৰ সমান্তৰালভাৱে বাঢ়নী পানীয়ে প্লাৱিত কৰিছে নিতৌ ন ন অঞ্চল৷ আজিৰ তাৰিখত ২৯খন জিলাই বানৰ কবলত পৰিছে৷ বিস্তীর্ণ এলেকা জলমগ্ন হোৱা এই জিলাকেইখনৰ ভিতৰত বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, দৰং, ধেমাজি, ডিব্রুগড়, ডিমা হাছাও, গোৱালপাৰা, হাইলাকান্দি, হোজাই, কামৰূপ, কামৰূপ (মহানগৰ), পশ্চিম কার্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ আৰু ওদালগুৰি৷

অসমত বানপানীৰ বিধ্বংসী পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দলীয় কৰ্মীসকলক আজি আহ্বান জনাইছে। ৰাহুল গান্ধীয়ে শুকুৰবাৰে এক টুইটযোগে এই দলীয় কৰ্মীসকলক আবেদন কৰে।

ৰাহুল গান্ধীয়ে টুইট কৰি কয় যে অসমত বানপানীৰ ফলত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। মই কংগ্ৰেছ কৰ্মী আৰু নেতাসকলক উদ্ধাৰ আৰু সাহায্য অভিযানত সকলো সম্ভৱপৰ সহায় অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছোঁ।

You might also like