নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাবিৰোধী আন্দোলনত দিল্লীৰ সাম্প্রদায়িক সংঘর্ষৰ গোচৰ; দেৱাংগনাসহ ১৫জনৰ বিৰুদ্ধে চার্জশ্বীট

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ যোৱা ফেব্রুৱাৰী মাহত দিল্লীৰ সাম্প্রদায়িক সংঘর্ষৰ গোচৰত দিল্লী আৰক্ষীৰ বিশেষ শাখাই  ১৫জন লোকক অভিযুক্ত কৰি চার্জশ্বীট দাখিল কৰিছে৷ উল্লেখনীয় যে ২০১৯ৰ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী প্রতিবাদক কেন্দ্র কৰি দেশৰ ৰাজধানী চহৰ দিল্লী উত্তপ্ত হৈছিল৷ প্রায় ২০ হাজাৰ পৃষ্ঠাৰ চার্জশ্বীট অতিৰিক্ত সত্র ন্যায়ালয়ত ন্যায়াধীশ অবিতাভ ৰাৱাটৰ আদালতত দিল্লী আৰক্ষীৰ বিশেষ শাখাই দাখিল কৰিছে৷

বেআইনী কাম–কাজ প্রতিৰোধ আইন (ইউএপিএ)ৰ অধীনত দিল্লীৰ সাম্প্রদায়িক সংঘর্ষৰ ষড়যন্ত্রকাৰী হিচাপে চিনাক্ত কৰা হৈছে ১৫ অভিযুক্তক৷ এই অভিযুক্তকেইজন হৈছে তাহিৰ হুছেইন, মহম্মদ পাৰভেজ আহমেদ, মহম্মদ ইলিয়াছ, ছাইফি খালিদ, ইছৰাত জাহান, মিৰান হাইদৰ, ছাফুৰ জার্গাৰ, আছিফ ইকবাল তানহা, ছাদেব আহমেদ, নাটাশা নাৰৱাল, অসমৰ দেৱাংগনা কলিতা, তছলিম আহমেদ, ছেলিম মালিক, মহম্মদ ছালিম খান আৰু আখতাৰ খান৷

উল্লেখনীয় যে আৰক্ষীয়ে এই গোচৰটো সন্দর্ভত ৭৪৭গৰাকী লোকৰ সাক্ষ্য লৈছে৷ ইয়াৰে ৫১গৰাকীৰ বক্তব্য চি আৰ পি চি আইনৰ ১৬৪ ধাৰাৰ অধীনত ৰেকর্ড কৰিছে৷ কাবিৰোধী আন্দোলনক কেন্দ্র কৰি দিল্লীত সাম্প্রদায়িক সংঘর্ষত উচটনি দিয়া বুলি অভিযুক্তসকলক চিহ্ণিত কৰা হৈছে৷ দিল্লীত নজিৰবিহীন এই সংঘর্ষত কমপক্ষেও ৫৩গৰাকী লোক নিহত হোৱাৰ উপৰি দুই শতাধিক আহত হৈছিল৷

অৱশ্যে জে এন ইউৰ প্রাক্তন ছাত্র উমৰ খালিদক দিল্লী আৰক্ষীৰ বিশেষ শাখাই এই গোচৰটো সন্দর্ভত জেৰা কৰিছে যদিও চার্জশ্বীটত তেওঁক অভিযুক্ত হিচাপে চিহ্ণিত কৰা হোৱা নাই৷ অৱশ্যে দিল্লী আৰক্ষীৰ এই চার্জশ্বীটক লৈ ইতিমধ্যে নাগৰিক সমাজত সৃষ্টি হৈছে প্রতিক্রিয়া৷

You might also like