নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলচ্চিত্র উদ্যোগলৈ পুঁজি যোগান ধৰক চৰকাৰে: জাহান

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ দেশজুৰি মনোৰঞ্জন উদ্যোগসমূহ ক’ভিড–১৯ প্রতিৰোধী লকডাউনৰ বাবে বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা বুলি ঘোষণা কৰি  তৃণমূল কংগ্রেছৰ সাংসদ নুছৰাত জাহানে চৰকাৰক এই উদ্যোগবোৰক পুনৰ সক্রিয় কৰি তুলিবলৈ বৃহৎ ধনৰ পুঁজি আগবঢ়াবলৈ আহ্বান জনাইছে৷

  লোকসভাত অভিনেত্রী তথা সাংসদগৰাকীয়ে উল্লেখ কৰি ছবি উদ্যোগ বৃহৎ বিত্তীয় সংকটৰ সন্মুখীন হৈছে৷ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে পশ্চিমবংগৰ ছবি উদ্যোগো ক্ষতিৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে জাহানে৷ এই উদ্যোগৰ সৈতে জড়িত হাজাৰ হাজাৰ লোকে তেওঁলোকৰ জীৱিকা হেৰুৱাবলগীয়া হৈছে৷ গতিকে ছবি উদ্যোগক তাৎক্ষণিকভাৱে পুনৰ উজ্জীৱিত কৰিবলৈ কেন্দ্রীয় চৰকাৰে শীঘ্রে সাহায্য পুঁজিৰ পেকেজ আগবঢ়াব লাগে বুলি দাবী কৰে তৃণমূল কংগ্রেছৰ সাংসদগৰাকীয়ে৷ স্মর্তব্য যে ২৫ মার্চৰ পৰা দেশত বন্ধ হৈ আছে চলচ্চিত্র প্রেক্ষাগৃহবোৰ৷

You might also like