নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৫ মিনিটৰ কাৰণে হোৱাটছএপ, ইনষ্টাগ্রাম অচল হওতে আমি চিন্তিত হৈছিলো, কিন্তু ৫৫ বছৰে পিছুৱাই আছে বংগ

মুখ্যমন্ত্রী মমতা বেনার্জীক তীব্র সমালোচনা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ পশ্চিমবংগৰ বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণক লৈ ৰাজ্যখনত প্রচাৰ তুংগত উঠিছে৷ ইতিমধ্যে প্রধানমন্ত্রী মোদীয়ে পুৰুলিয়াত নির্বাচনী সভাত অংশ লোৱাৰ পাছত পুনৰ খড়গপুৰত এক বিশাল সমাৱেশ সম্বোধন কৰে৷ বংগত এইবাৰ বিজেপিৰ চৰকাৰ নিশ্চিত বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷

ৰাজ্য চৰকাৰক আক্রমণৰ লক্ষ্য কৰি প্রধানমন্ত্রী মোদীয়ে কয়– যোৱা শুকুৰবাৰে হোৱাটছএপ আৰু ইনষ্টাগ্রাম প্রায় ৫৫ মিনিটৰ কাৰণে মন্থৰ হ’ল৷ কিন্তু পশ্চিমবংগত বিগত ৫০–৫৫ বছৰৰ কাৰণে বিকাশ পিছুৱাই গ’ল৷ বংগবাসীক আচল পৰিৱর্তনৰ নিশ্চিতি দি প্রধানমন্ত্রী মোদীয়ে কয়– বংগত বিজেপি ক্ষমতাত আহিলে বিজেপিয়ে বিগত ৭০ বছৰে চলাই থকা লুটপাত বন্ধ কৰিব আৰু প্রকৃত পৰিৱর্তন আনিব৷ ৫ বছৰৰ কাৰণে বিজেপিক সুযোগ দিবলৈ আহ্বান জনাই প্রধানমন্ত্রী মোদীয়ে কয় যে ৰাজ্যবাসীয়ে ভুগি থকা সমস্যাবোৰ তেওঁলোকে সমাধান কৰিব৷ ৰাজ্যখনৰ কাৰণে তেওঁলোকৰ জীৱন সমর্পিত কৰিব৷

উল্লেখ্য যে পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্রেছ আৰু কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ মাজত এইবেলি বিধানসভা নির্বাচনত তুমুল প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ এফালে, মমতা বেনার্জীয়ে পুনৰবাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ বাবে জোৰদাৰ প্রচাৰ চলাইছে৷

আনপিনে মমতাক উৎখাত কৰিবলৈ বিজেপিয়ে সর্বশক্তি প্রয়োগ কৰিছে৷

You might also like