নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতল যুদ্ধ হ’লে প্রতিপক্ষক পৰাভূত কৰিব চীনে

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ পূর্বৰ ছোভিয়েট ইউনিয়ন নহয় চীন৷ যদি পুনৰ শীতল যুদ্ধৰ আৰম্ভ কৰে, তেন্তে চীনক পৰাজিত কৰাটো সহজ নহ’ব৷ আমেৰিকাৰ সৈতে চীনৰ পুনৰ শীতল যুদ্ধ আৰম্ভ হ’ব বুলি নিৰাপত্তা বিশেষজ্ঞসকলে আশংকা কৰি থকাৰ সময়তে চীনা কূটনীতিক কুইন গেঙে এই মন্তব্য কৰিছে৷ আমেৰিকাত থকা চীনা ৰাষ্ট্রদূতগৰাকীয়ে এই মন্তব্যৰ জৰিয়তে এক প্রকাৰ হোৱাইট হাউছলৈ সতর্কবাণী কৰিছে৷ যোৱা সপ্তাহত মার্কিন সংবাদ পত্রসমূহত প্রবীণ সাংবাদিক তথা শীর্ষ বিষয়ববীয়াসকলৰ সৈতে হোৱা এক বার্তালাপত চীনা ৰাষ্ট্রদূতগৰাকীয়ে ঘোষণা কৰে যে চীনৰ বিৰুদ্ধে যদি কোনো দেশে শীতল যুদ্ধ আৰম্ভ কৰে, তেন্তে সেই দেশক চীনা বাহিনীয়ে পৰাভূত কৰাটো নিশ্চিত৷

লক্ষণীয়ভাৱে ৰাছিয়াক কটাক্ষ কৰি কূটনীতিকগৰাকীয়ে উল্লেখ কৰিছে যে শীতল যুদ্ধত আমেৰিকাৰ বিৰুদ্ধে ছোভিয়েট শক্তিয়ে জয়লাভ কৰিব নোৱৰাৰ মূল কাৰণ আছিল ছোভিয়েট দুর্গৰ মতানৈক্য৷ কিন্তু চীন ছোভিয়েট ইউনিয়নৰ দৰে নহয়৷ চীনৰ কমিউনিষ্ট পার্টীয়ে ১০০ বছৰ অতিক্রম কৰিছে৷ লক্ষণীয়ভাৱে বর্তমান আমেৰিকাৰ বহু শীর্ষ বিষয়ববীয়াই শীতল যুদ্ধৰ পোষকতা কৰি অহা বুলি উল্লেখ কৰিছে ৰাষ্ট্রদূতগৰাকীয়ে৷ ৩০ বছৰ পূর্বৰ আমেৰিকাৰ সৈতে আজিৰ আমেৰিকাৰ কোনোধৰণৰ সম্পর্ক নাই বুলিও উল্লেখ কৰে কূটনীতিকগৰাকীয়ে৷ লক্ষণীয়ভাৱে আমেৰিকাক অতিক্রম কৰি বিশ্বৰ বৃহত্তম অর্থনীতি হিচাপে চিহ্ণিত হৈছে চীন৷ ইয়াৰ উপৰি বর্তমান বিশ্ব বাণিজ্যত চীনৰ অবাধ আধিপত্য বিস্তাৰ হৈছে৷ গতিকে আমেৰিকাক বিভিন্ন দিশত প্রত্যাহ্বান জনাব পৰা শক্তিত পৰিণত হৈছে চীন৷

You might also like