নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ প্রথম মহিলা আইজিপি ভায়োলেট বৰুৱা

অসম আৰক্ষীৰ ৯ আইপিএছক পদোন্নতি

নিয়মীয়া বার্তা, ২৮ ডিচেম্বৰ: অসম চৰকাৰৰ গৃহ বিভাগে সোমবাৰে এক নির্দেশযোগে ৯ আই পি এছ বিষয়াক আই জি পি হিচাপে পদোন্নতি দিয়ে৷ ১ জানুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ পদোন্নতি দিয়া বিষয়াসকল হৈছে– সম্প্রতি উত্তৰ প্রদেশত আন্তঃৰাজ্যিক ডেপুটেচনত থকা আনন্দ প্রকাশ তিৱাৰী, গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দিগন্ত বৰা, অসম আৰক্ষীৰ কাহিলিপাৰাস্থিত বিশেষ শাখাৰ ডি আই জি লাচিত বৰুৱা, বি টি আৰৰ ডি আই জি ভায়োলেট বৰুৱা, চি আই ডিৰ ডি আই জি দেৱৰাজ উপাধ্যায়, যোৰহাটৰ পূর্বোত্তৰ ৰেঞ্জৰ ডি আই জি মৃদুলানন্দ শর্মা, বঙাইগাঁৱৰ পশ্চিম ৰেঞ্জৰ ডি আই জি দিলীপ কুমাৰ দে’, তেজপুৰৰ উত্তৰ ৰেঞ্জৰ ডি আই জি প্রশান্ত কুমাৰ ভূঞা আৰু অসম আৰক্ষীৰ ডি আই জি (প্রশাসন) নিতুল গগৈ৷

উল্লেখ্য যে সোমবাৰে আই জি পি হিচাপে পদোন্নতি লাভ কৰা ভায়োলেট বৰুৱা হৈছে অসমৰ প্রথমগৰাকী মহিলা আই জি পি৷ ২০০৪ বর্ষৰ আই পি এছ বিষয়া ভায়োলেট বৰুৱা ২০১৮ চনত ডি আই জি হৈছিল৷ নিজৰ কর্মদক্ষতাৰ বাবে বৰুৱাই এই বছৰ ৰাষ্ট্রপতিৰ পদকো লাভ কৰিছে৷ আনহাতে, অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্রধান হীৰেন চন্দ্র নাথক মুখ্যমন্ত্রীৰ ভিজিলেঞ্চ শাখাৰ তদন্ত নিৰীক্ষণৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে৷

You might also like