নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপাব্লিক টিভিৰ চিই’ৰ জামিন মঞ্জুৰ আদালতৰ

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ টেলিভিছন ৰেটিং পইণ্ট (টিআৰপি)ত কাৰচাজি কৰা গোচৰত গ্রেপ্তাৰ হোৱা ৰিপাব্লিক টিভিৰ মুখ্য কার্যবাহী বিষয়া (চিই’) বিকাশ খানচানডানিক আজি জামিনত মুক্তি দিছে মুম্বাইৰ এক দণ্ডাধীশৰ আদালতে৷ দেওবাৰে ৰিপাব্লিক টিভিৰ চিই’গৰাকীক গ্রেপ্তাৰ কৰা হৈছিল৷ ৫০ হাজাৰ টকাৰ জামিন লৈ খানচানডানিক  মুম্বাইৰ এছপ্লানাডেৰ মুখ্য মেট্র’পলিটান দণ্ডাধীশে জামিনত মুক্তি দিছে৷ উল্লেখনীয় যে কালি সত্র ন্যায়ালয়ৰ দণ্ডাধীশ বিই কঠালিকাৰে ৰিপাব্লিক টিভিৰ চি এফ অ’ এছ সুন্দৰমৰ আগতীয়া জামিন আবেদনৰ শুনানি গ্রহণৰ পিছতেই আজি এছপ্লানাডেৰ আদালতে জামিন মঞ্জুৰ কৰিছে খানচানডানিৰ৷

You might also like