নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ সৰ্বদলীয় বৈঠকঃ ক’ৰোনা ভেকচিন সম্পৰ্কে ক’লে ৫টা গুৰুত্বপূৰ্ণ কথা

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক’ৰোনা ভেকচিনক লৈ এক বিবৃতি প্ৰদান কৰে। সৰ্বদলীয় সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পৰৱৰ্তী কেইসপ্তাহমানৰ ভিতৰতে ভাৰতে লাভ কৰিব ভেকচিন, দেশৰ বিজ্ঞানীসকলে সফলতাৰ তেনেই ওচৰ চপা বুলি উল্লেখ কৰে মোদীয়ে। প্ৰতিষেধকৰ মূল্য, বিতৰণ আৰু ৰাজ্যবোৰৰে সমন্বয়ৰ বিষয়েও উল্লেখ কৰে তেওঁ। এক ডজনৰো অধিক ৰাজনৈতিক দলৰ নেতাই সৰ্বদলীয় সভাত অংশগ্ৰহণ কৰে। ভেচচিন সন্দৰ্ভত মোদীয়ে কয় এই কথা-
(১) দেশত মুঠ আঠটা ভেকচিনৰ পৰীক্ষণ কৰি থকা হৈছে। আনহাতে ভাৰতে এক বিশেষ ছফ্টৱেৰ Co-WiN প্ৰস্তুত কৰিছে, য’ত সাধাৰণ লোকে ক’ৰোনা ভেকচিনৰ সৈতে সম্পৰ্কিত সকলো তথ্য উপলব্ধ থাকিব।
(২) ভেকচিন বিতৰণৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এটা ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোট গঠন কৰা হৈছে, য’ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লোকৰ লগতে বিশেষজ্ঞ থাকিব।
(৩) বৃদ্ধ, ক’ৰোনা যোদ্ধা, অধিক অসুস্থ লোকক প্ৰথমে ক’ৰোনা ভেকচিন প্ৰদান কৰা হ’ব। বিতৰণৰ বাবে নীতি প্ৰস্তুত কৰা হ’ব।
(৪) প্ৰতিষেধকৰ মূল্য কি হ’ব সেই বিষয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহে সিদ্ধান্ত ল’ব। ভেকচিন ল’ব লগা লোকৰ প্ৰতিও এইক্ষেত্ৰত দৃষ্টি ৰখা হব।
(৫) দেশৰ প্ৰতিটো কোণত ভেকচিন প্ৰদান কৰিবলৈ শক্তিশালী যোগাযোগ ব্যৱস্থা গঠন কৰা হ’ব। ৰাজনৈতিক দলবোৰে ভেকচিন বিতৰণ সম্পৰ্কীয় যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি বন্ধ কৰিব লাগিব।

You might also like