নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথম টি-২০ নিজৰ হাতত ৰাখিলে ভাৰতে, চাহাল মেন অৱ দ্য মেচ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত মনুকা অভেল ষ্টেডিয়ামত আজি অনুষ্ঠিত টি-২০ শৃংখলাৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াক ১১ ৰান পৰাস্ত কৰিলে ভাৰতে। টছত জিকি অষ্ট্ৰেলিয়াই ভাৰতক প্ৰথমে বেটিং কৰিবলৈ দিয়াত ভাৰতে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৬১ ৰান কৰে। উকেটকীপাৰ লোকেশ ৰাহুল আৰু শিখৰ ধাৱন অ’পেনাৰ ৰূপে ক্ৰিজত আহে যদিও মাত্ৰ ১ ৰান কৰি পেভিলিয়নমুখী হয় ধাৱন। ইয়াৰ পিছত কেপ্টেইন কোহলিয়েও মাত্ৰ ৯ ৰানতে আউট হয় ছুইপচনৰ বলত।

লোকেশ ৰাহুলৰ ৫১ ৰানৰ দৃঢ়তাপূৰ্ণ বেটিং আৰু সঞ্জু ছেমছনৰ ২৩(১৫), ৰবীন্দ্ৰ জাদেজাৰ বিস্ফোৰক ৪৪(২৩) ৰানৰ বিনিময়ত ভাৰতে এটা প্ৰত্যাহ্বান জনাব পৰা স্কোৰ থিয় কৰায় অষ্ট্ৰেলিয়াৰ আগত। হাৰ্দিক পাণ্ডিয়াৰ ১৬ (১৫), মনীষ পাণ্ডেৰ ২(৮), ৱাশ্বিংটন সুন্দৰৰ ৭(৫) ৰানৰ বৰঙণিৰে ১৬২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ভাৰতে।

অষ্ট্ৰেলিয়ায়ো প্ৰথমাৱস্থাত ঠিকেই খেলি আছিল যদিও চাহাল আৰু টি নটৰাজনৰ বিধ্বংসী বলিঙত বেছি সময় ক্ৰিজত টিকিব নোৱাৰিলে অষ্ট্ৰেলিয়াই। ২০ অভাৰত দেশখনে ৭টা উইকেট হেৰুৱাই ১৫০ ৰানতে সীমাবদ্ধ থাকিব লগা হয়। দলটোৰ আৰ্চি চৰ্ট ৩৪, ফিন্স ৩৫, স্মিথ ১২, মেক্সৱেল ২, হেনৰিক্স ৩০, মেথিউ ৱাডে ৭, চিন এবট ১২, ষ্টাৰ্ক ১ আৰু ছুইপছনে ১২ ৰানেৰে মুঠ ১৫০ ৰান কৰে।

ভাৰতৰ চাহাল আৰু নটৰাজনে ৩টাকৈ উইকেট লাভ কৰাৰ লগতে দীপক চাহাৰে ১টা উইকেট লাভ কৰে। য়ুজবেন্দ্ৰ চাহালক মেন অৱ দ্য মেচ প্ৰদান কৰা হয়। তেওঁ ৪ অভাৰত ২৫ ৰানৰ বিনিময়ত ৩টা উইকেট লাভ কৰিছিল।

You might also like