নিয়মীয়া বাৰ্তা, ১০ মেঃ ক’ভিড–১৯ৰ লকডাউনৰ সময়ত খাদ্য সংকটত পৰা গৰাকীহীন জন্তুৰ খাদ্যৰ বাবে ৬০ লাখ টকা আবণ্টন দিছে উৰিষ্যাৰ মুখ্যমন্ত্রী নবীন পাটনায়কে৷ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা বিশেষ কাৰণত ৬০ লাখ টকা গৰাকীবিহীন জন্তুৰ বাবে আবণ্টন জনাইছে৷
উল্লেখ্য যে ক’ভিড–১৯ৰ শৃংখল ভংগৰ বাবে লকডাউন বলৱৎ কৰাৰ ফলত ৰাজ্যখনৰ প্রান্তে প্রান্তে গৰাকীবিহীন জন্তু খাদ্য সংকটত পৰিছে৷ এনে পৰিপ্রেক্ষিতত গৰাকীবিহীন ভতুৱা কুকুৰ, গৰুৰ খাদ্য সংকটৰ সমস্যা আঁতৰ কৰাৰ বাবেই মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা ৬০ লাখ টকা আবণ্টন জনোৱা হৈছে৷ ৰাজ্যখনৰ ভুবনেশ্বৰ, কটক, সম্বলপুৰ, ৰুৰকেলা আৰু ব্রহ্মপুৰ, মেট্র’পলিটান কর্প’ৰেচনক প্রতিদিনে গৰাকীহীন জন্তুৰ খাদ্যৰ বাবে ২০ হাজাৰ টকাকৈ খৰচ কৰিবলৈ নির্দেশ দিয়া হৈছে৷
উৰিষ্যাৰ জনসংযোগ বিভাগে এই তথ্য সদৰী কৰিছে৷ মন কৰিবলগীয়া যে লকডাউনৰ সময়ত খাদ্য সংকটত পৰা গৰাকীহীন জন্তুৰ বাবে খাদ্য যোগান ধৰাক লৈ মুখ্যমন্ত্রীয়ে ৬০ লাখ টকা আবণ্টন জনোৱা বিষয়টো ভূয়সী প্রশংসিত হৈছে৷