নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ বাগিচাত ভেকচিন প্রদানৰ আহ্বান নর্থ ইষ্টার্ন টি এছ’চিয়েচনৰ

নিয়মীয়া বাৰ্তা, ১০ মেঃ ৰাজ্যৰ চাহ বাগিচাসমূহত ক’ভিড ভেকচিন প্রদানৰ বিশেষ কেম্প তৎকালীনভাৱে স্থাপন কৰিবলৈ আহ্বান জনাইছে নর্থ ইষ্টার্ন টি এছ’চিয়েচন (নেটা)ই৷ এক বিবৃতিত নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকটকীয়ে কয় যে ক’ভিডৰ দ্বিতীয় লহৰৰ পৰা চাহ বাগিচাসমূহক বচাবলৈ শীঘ্রে শ্রমিকসকলক ভেকচিন প্রদান কৰা উচিত৷

ইতিমধ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাৰ লগতে সকলো জিলা উপায়ুক্তলৈ নেটাই পত্র প্রেৰণ কৰিছে৷ ভেকচিন প্রদানৰ ক্ষেত্রত ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হ’ব বুলিও বৰকটকীয়ে উল্লেখ কৰিছে৷ উল্লেখ্য যে ইতিমধ্যে কেইবাখনো চাহ বাগিচাত শতাধিক শ্রমিক–কর্মচাৰী ক’ভিডত আক্রান্ত হৈছে৷

You might also like