নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ দ্রুত সংক্রমণে জনস্বাস্থ্যক চৰম বিপর্যয়ৰ গৰাহলৈ ঠেলি দিছে৷ মহামাৰী প্রতিৰোধকল্পে দেশে দেশে
বলৱৎ কৰা লকডাউনত স্থবিৰ হৈ পৰিছে অর্থনীতিৰ গতি৷
অকল জনস্বাস্থ্য–অর্থনীতি নহয়, প্রতিটো খণ্ডতেই সম্প্রতি কাল ক’ৰোনাৰ প্রকোপ৷ কাল ক’ৰোনাৰ হাতোৰাত ভাৰতৰ শিক্ষাখণ্ডই সন্মুখীন হোৱা ভয়ংকৰ সংকটৰ বাস্তৱ ছবিখন শেহতীয়াকৈ এক সমীক্ষাত পোহৰলৈ আহিছে৷
দেশৰ শিক্ষা আন্তঃগাঁথনি খণ্ডৰ অগ্রণী সংস্থা ‘চেৰেষ্ট্রা ভেনচার্ছ’ নামৰ সংস্থাটোৰ সমীক্ষাৰ তথ্য অনুসৰি বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ স্বাভাৱিকভাৱে চলাই নিয়াৰ ক্ষেত্রত এতিয়া ক’ৰোনা হৈ পৰিছে এক বৃহৎ অন্তৰায়৷ দেশৰ শিক্ষাখণ্ডৰ পৰিস্থিতি এনেকুৱা পর্যায় পাইছেগৈ যে কে জিৰ পৰা দ্বাদশ শ্রেণীৰ এহেজাৰতকৈও অধিক ব্যক্তিগত খণ্ডৰ বিদ্যালয় বিক্রী কৰি দিবলৈ ওলাইছে কর্তৃপক্ষই৷
এই বিদ্যালয়সমূহ বিক্রী হ’লে অহা দুই–তিনি বছৰত প্রায় ৭,৫০০ কোটি টকাৰ পুঁজি বিনিয়োগ হ’ব৷ অর্থাৎ এনে শিক্ষানুষ্ঠানসমূহক সংকটৰ গৰাহৰ পৰা উদ্ধাৰৰ বাবে এতিয়া কার্যতঃ প্রয়োজন প্রায় ৭,৫০০ কোটি টকাৰ৷
কর্তৃপক্ষই বিক্রীৰ বাবে সাজু হোৱা অধিকাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হ’ল চৰকাৰে বছৰেকীয়া মাচুলৰ উর্ধ্বসীমা ৫০ হাজাৰ টকা নির্ধাৰণ কৰি শিক্ষানুষ্ঠান৷ লক্ষণীয়ভাৱে দেশত যিমানসংখ্যক ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে তাৰ প্রায় ৮০ শতাংশৰেই বছৰেকীয়া মাচুল সর্বাধিক ৫০ হাজাৰ টকা৷
‘চেৰেষ্ট্রা ভেনচার্ছ’ৰ সমীক্ষাটোত উল্লেখ কৰা অনুসৰি ক’ৰোনা মহামাৰী সংক্রমণৰ পৰিণতিত বিগত কেইবামাহো ধৰি দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে৷ এনে পৰিস্থিতিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অন্যান্য খৰচৰ উপৰি শিক্ষক–শিক্ষয়িত্রী আৰু কর্মচাৰীসকলক দৰমহা দিয়াৰ ক্ষেত্রত কর্তৃপক্ষই প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে৷
বহু ক্ষেত্রত অভিভাৱকসকলেও ব্যক্তিগত খণ্ডৰ বিদ্যালয় কর্তৃপক্ষক সময়মতে মাচুল আদায় দিব পৰা নাই৷ তদুপৰি মাচুলৰ ক্ষেত্রত ৰাজ্য চৰকাৰসমূহে নির্দিষ্ট সীমা নির্ধাৰণ কৰি দিছে৷ এই পৰিস্থিতিত শিক্ষানুষ্ঠান চলাই নিয়াৰ ক্ষেত্রত কর্তৃপক্ষই বহন কৰিবলগীয়া হৈছে অতিৰিক্ত ব্যয়৷ এনেদৰে মাহৰ পিছত মাহ অতিৰিক্ত ব্যয় বহন কৰিবলগীয়া হোৱাৰ বাবেই বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয় কর্তৃপক্ষই মালিকানা হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলি সমীক্ষাটোত উল্লেখ কৰা হৈছে৷
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে শিক্ষানুষ্ঠান বিক্রী বা বন্ধ হৈ গ’লে ছাত্র–ছাত্রীসকলৰ শৈক্ষিক ভৱিষ্যতক লৈও সংশয় সৃষ্টি হোৱাৰ আশংকা প্রকট৷ সমগ্র বিষয়টো সন্দর্ভত সমীক্ষাকাৰী সংস্থা ‘চেৰেষ্ট্রা ভেনচার্ছ’ৰ অন্যতম অংশীদাৰ বিশাল গোৱেলে কয় যে বহুকেইখন ৰাজ্য চৰকাৰে ইতিমধ্যে ব্যক্তিগত খণ্ডৰ স্কুলৰ মাচুল নির্ধাৰণ কৰি দিছে৷ ইয়াৰ বিপৰীতে স্কুলৰ সামগ্রিক খৰচ আৰু শিক্ষক–শিক্ষয়িত্রীক দৰমহা আদায় দিয়াৰ বাবে মোটা অংকৰ ধনৰ প্রয়োজন৷
এনে পৰিস্থিতিত স্কুল কর্তৃপক্ষই কার্যতঃ সংগ্রাম কৰিবলগীয়া হৈছে৷ গোৱেলে দাবী কৰা মতে, দেশৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চলোৱা এটা বৃহৎ প্রতিষ্ঠানে ইতিমধ্যে কর্মচাৰীৰ দৰমহা কর্তন কৰিছে ৭০ শতাংশ পর্যন্ত৷ অকল সেয়াই নহয়, দৰমহা দিব নোৱাৰাৰ বাবে কোনো কোনো স্কুল কর্তৃপক্ষই শিক্ষক–শিক্ষয়িত্রীক চাকৰিৰ পৰা অব্যাহতিও দিছে৷
এনে ধৰণৰ সংকটৰ পৰা ৰক্ষা পাবলৈ বিশেষকৈ অতিৰিক্ত ব্যয় বহন কৰিব নোৱাৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয় কর্তৃপক্ষই তেওঁলোকৰ শিক্ষানুষ্ঠানৰ মালিকানা বিক্রীৰ বাবে আগ্রহ প্রকাশ কৰা বুলি তেওঁ দাবী কৰে৷ ইয়াৰ মাজতে গোৱেলৰ নিজা সংস্থাই কে জিৰ পৰা দ্বাদশ শ্রেণী পর্যন্ত থকা প্রায় ৩০–৪০খন শিক্ষানুষ্ঠান ক্রয় কৰাৰ বাবে প্রস্তুতি চলাইছে৷
এই শিক্ষানুষ্ঠানসমূহ ক্রয় কৰিলে সংস্থাটোৱে প্রায় ১,৪০০ কোটি টকা বিনিয়োগ কৰাৰ প্রাথমিকভাৱে ধাৰণা কৰা হৈছে৷ দেশত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চলোৱা বৃহৎ সংস্থাসমূহে যে ক’ৰোনাকালত সংকটৰ সন্মুখীন হৈছে, তাৰ অন্যতম উদাহৰণ হ’ল ‘ইউৰোকিড্ছ ইণ্টাৰনেচনেল’৷
বর্তমান ভাৰতত সংস্থাটোৰ কে জিৰ পৰা দ্বাদশ শ্রেণী পর্যন্ত থকা ৩০খনতকৈও অধিক শিক্ষানুষ্ঠান আছে৷ ‘ইউৰোকিড্ছ ইণ্টাৰনেচনেল’ৰ সহযোগী প্রতিষ্ঠাপক তথা মুখ্য কার্যবাহী বিষয়া প্রজোধ ৰাজনে সদৰী কৰা অনুসৰি তেওঁলোকেও শিক্ষাখণ্ডৰ ব্যৱসায়ৰ পৰা আঁতৰি আহিব বিচাৰি আছে৷
ৰাজনে কয় যে ৰিয়েল ইষ্টেটৰ ব্যৱসায়ৰ দৰে এই স্কুলসমূহত বিনিয়োগ কৰা লোকসকলে ইতিপূর্বে বহুবাৰ লোকচানৰ সন্মুখীন হৈছে৷ যাৰ প্রভাৱ পৰিছে তেওঁলোকৰ অন্য ব্যৱসায়ত৷ সেইদৰে ল’এষ্ট্র’ এডভাইজর্ছ নামৰ প্রতিষ্ঠানটোৰ পৰিচালন অংশীদাৰ ৰাকেশ গুপ্তাই সদৰী কৰা অনুসৰি কর্ণাটক, মহাৰাষ্ট্র আৰু তেলেংগানাৰ অতিকমেও ২০ৰ পৰা ২৫খন ব্যক্তিগত খণ্ডৰ বিদ্যালয় কর্তৃপক্ষই সম্প্রতি ক্রেতাৰ সন্ধানত আছে৷
উল্লেখ্য যে এই সংস্থাটোৱে বিগত ২০১৯ বর্ষত দেশত ‘বিদ্যালয় অধিগ্রহণ’ৰ এক গুৰুত্বপূর্ণ পদক্ষেপ হাতত লৈছিল৷ এই পদক্ষেপৰ বাবেই হংকংস্থিত নর্ড এংগ’লীয়া এডুকেচন নামৰ সংস্থাটোৱে ক্রয় কৰিছিল ভাৰতৰ অকৰিজ ইণ্টাৰনেচনেলৰ অধীনস্থ বহুকেইখন বিদ্যালয়৷ হায়দৰাবাদ, বিশাখাপট্টনম, বাংগালুৰু আৰু ম’হালিত শাখা থকা এই বিদ্যালয়সমূহ ১,৬০০ কোটি টকাত ক্রয় কৰিছিল৷
কিন্তু এতিয়া একেকেইখন বিদ্যালয় ক্রয় কৰিব ওলোৱাত ক্রেতাই ৩০ৰ পৰা ৪০ শতাংশ কম মূল্যহে দিব বিচাৰে৷ এনে প্রেক্ষাপটত স্বাভাৱিকতে প্রশ্ণ উঠিছে– সংকটৰ গৰাহত পৰা স্কুলসমূহ বিক্রী হৈ যোৱাৰ লগে লগে শিক্ষার্থী বা অভিভাৱকে শিক্ষাৰ অধিক মূল্য ভৰিব লাগিব নেকি? এই সন্দর্ভত ‘ইউৰোকিড্ছ ইণ্টাৰনেচনেল’ৰ সহযোগী প্রতিষ্ঠাপক তথা মুখ্য কার্যবাহী বিষয়া প্রজোধ ৰাজনে কয়– ‘মই তেনেদৰে নাভাবোঁ৷ স্কুল পুনৰ খোলাৰ লগে লগে হয়তো কিছু অতিৰিক্ত ব্যয় বহন কৰিব লাগিব যদিও এই খণ্ডটোৰে জড়িত প্রত্যেকেই ছাত্র–ছাত্রীসকলৰ প্রতি সংবেদনশীল৷
মাচুলৰ গাঁথনিয়ে এটা নির্দিষ্ট সীমা অতিক্রম কৰিব বুলি মোৰ অনুমান নহয়৷’ সেয়া যি কি নহওক, ক’ৰোনাৰ প্রকোপে দেশৰ শিক্ষাখণ্ডৰ প্রতি নমাই অনা এনে দুর্যোগ বিশেষকৈ এহেজাৰতকৈও অধিক ব্যক্তিগত খণ্ডৰ বিদ্যালয় বিক্রী কৰিবলৈ ওলোৱাটো অতি উদ্বেগজনকৰূপে বিবেচিত হৈছে৷