নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্টেডিয়ামত মিডিয়াৰ প্রৱেশ নিষিদ্ধ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ আজিৰে পৰা আৰম্ভ হোৱা ত্রয়োদশ সংস্কৰণৰ আই পি এলৰ সময়ছোৱাত ষ্টেডিয়ামত সংবাদ মাধ্যমৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে৷ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এই কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ব’র্ডে জাৰি কৰা স্বাস্থ্য সুৰক্ষা প্রট’কল অনুসৰি মেচৰ বাতৰি সংগ্রহৰ বাবে এইবাৰৰ আই পি এলত সংবাদ মাধ্যমৰ লোকে ষ্টেডিয়ামত প্রৱেশ কৰিব নোৱাৰিব৷ মেচৰ পূর্বে কোনো দলে সংবাদ মেলো আয়োজন কৰিব নালাগে৷ অৱশ্যে মেচৰ পিছত ভার্চুৱেল মিডিয়া কনফাৰেঞ্চ আয়োজন কৰাটো বাধ্যতামূলক কৰিছে বি চি চি আয়ে৷ উল্লেখ্য যে ভাৰতত মহামাৰীৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাবে বি চি চি আয়ে এইবাৰৰ আই পি এল ইউ এ ইত আয়োজনৰ সিদ্ধান্ত লৈছে৷ মেচসমূহ বন্ধ ষ্টেডিয়ামত খেলোৱা হ’ব৷

You might also like