নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলিত মহিলাই পানী খোৱাৰ বাবে গোমূত্রেৰে টেংক শুদ্ধ

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ: এগৰাকী দলিত সম্প্রদায়ৰ মহিলাই টেংকৰ পৰা পানী খাইছিল৷ ইয়াৰ পিছতেই টেংকৰ সমস্ত পানী পেলাই দি ইয়াক গো–মূত্রেৰে শুদ্ধ কৰা হ’ল৷ উচ্চবর্ণৰ লোকসকলে এনেদৰে পানীৰ টেংক গো–মূত্রেৰে পৰিষ্কাৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ এই ঘটনাটো সংঘটিত হৈছে কর্ণাটকৰ এখন গাঁৱত৷ স্থানীয় প্রশাসনে উল্লেখ কৰা অনুসৰি গাঁওখনত আছে এনেধৰণৰ কেইবাটাও পানীৰ টেংক৷ সকলোৰে বাবে পানীৰ ব্যৱস্থা কৰিবলৈ এনেদৰে টেংক স্থাপন কৰা হৈছে গাঁওখনত৷ ইয়াৰ সৈতে দলিত বা ব্রাহ্মণৰ কোনো সম্পর্ক নাই৷ তথ্য–প্রমাণ পালে উপযুক্ত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি প্রশাসনে ঘোষণা কৰিছে৷ কর্ণাটকৰ চামৰাজানগৰ জিলাৰ হেগোটাৰা গাঁৱৰ এই ঘটনাক লৈ দলিত আৰু উচ্চ বর্ণৰ লোকসকলৰ মাজত সৃষ্টি হৈছে মতানৈক্য৷ যোৱা ১৮ নৱেম্বৰত আত্মীয়ৰ বিবাহ অনুষ্ঠানত যোগ দিবলৈ গাঁওখনলৈ আহিছিল দলিত মহিলাগৰাকী৷ তেতিয়াই এই টেংকটোৰ পৰা মহিলাগৰাকীয়ে পানী খাইছিল৷

You might also like