নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজি প্ৰশাসনৰ উদ্যোগত লাচিত বৰফুকনৰ জয়ন্তী উপলক্ষত বাইক ৰেলী  

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ:  পৰাক্ৰমী বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক পবিত্ৰ জন্ম জয়ন্তী উপলক্ষত দেওবাৰে পুৱা ৭ বজাত জোনাই সদৰৰ পৰা ধেমাজি জিলা সদৰলৈ এক বৃহৎ বাইক ৰেলী৷ অসমৰ সমগ্ৰ ঠাইত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে৷ ইয়াৰ সমান্তৰালকৈ জোনাইতো মহকুমা প্ৰশাসনে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে৷ এই জন্ম জয়ন্তী উপলক্ষে আজি পুৱাৰ ভাগত ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত জোনাই মহকুমা কাৰ্যালয়ৰ সন্মুখৰ পৰা ধেমাজি সদৰলৈ  বিশাল বাইক ৰেলী উলিয়াই।জোনাইৰ পৰা আৰম্ভ হয় ধেমাজিত  অন্ত পৰিব বাইক ৰেলীৰ ৷ এই বাইকৰেলী ৰ শুভাৰম্ভ কৰে MAC কাৰ্যবাহী সদস্য নৰেশ কুম্বাং আৰু জোনাই ৰাজহ চক্ৰ বিষয়া ঋিতুপল্লৱ বৰুৱাই৷
You might also like