নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন প্রেমিকাক ৬ টুকুৰা কৰিলে প্রেমিকে

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ: দিল্লীৰ শিহৰণকাৰী হত্যাকাণ্ডৰ অনুৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে উত্তৰ প্রদেশত৷ নিজৰ প্রাক্তন প্রেমিকাক হত্যা কৰি মৃতদেহ ৬ টুকুৰা কৰাৰ অভিযোগ উত্থাপন হৈছে প্রেমিকৰ বিৰুদ্ধে৷ ঘটনাস্থল উত্তৰ প্রদেশৰ আজমগড়৷ অভিযুক্তক ইতিমধ্যে গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ দিল্লীত শ্রদ্ধা ৱাকাৰক প্রেমিক আফতাবে হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰা ঘটনাক লৈ দেশজুৰি অব্যাহত আছে চাঞ্চল্য৷ এই চাঞ্চল্যৰ মাজতে আজমগড়ৰ প্রিন্স যাদৱ নামৰ যুৱকজনে প্রাক্তন প্রেমিকা আৰাধনাক ৯ নৱেম্বৰত নৃশংসভাৱে হত্যা কৰে৷ ১৫ নৱেম্বৰত গাঁৱৰ পৰিত্যক্ত কুঁৱাত উদ্ধাৰ আৰাধনাৰ খণ্ড–বিখণ্ড মৃতদেহ৷

You might also like