নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত নাবালিকাক ধর্ষণ কৰি প্রাণনাশৰ অপচেষ্টা দুর্বৃত্তৰ

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ  দেশৰ ৰাজধানী মহানগৰ নতুন দিল্লীত পুনৰ জঘন্য ধর্ষণ কাণ্ডই সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি৷ ৰাজধানী মহানগৰখনৰ পশ্চিম বিহাৰ অঞ্চলত এজনী ১২ বছৰীয়া কিশোৰীক ধর্ষণ কৰি চোকা অস্ত্রৰে দুর্বৃত্তই আঘাত কৰাৰ পাছত কিশোৰজনীক ৪ আগষ্টৰ সন্ধিয়া সঞ্জয় গান্ধী হাস্পতালত ভর্তি কৰোৱা হয়৷ কিশোৰীজনীৰ সমগ্র দেহত কেৱল আঘাতৰ চিহ্ণ স্পষ্ট হৈ আছে৷ প্রাথমিক চিকিৎসা প্রদানৰ পাছতেই মুমূর্ষু অৱস্থাত কিশোৰজনীক প্রেৰণ কৰা হৈছে দিল্লীস্থিত সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)লৈ৷ বর্তমান অতি জটিল অৱস্থাত কিশোৰীজনী চিকিৎসা প্রদান কৰি থকা হৈছে যদিও আৰক্ষীয়ে দুর্বৃত্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ দিল্লী আৰক্ষীয়ে সদৰী কৰা অনুসৰি এই ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে৷ উল্লেখনীয় যে দেশৰ ৰাজধানী চহৰখনত এক ক’ভিড সেৱা কেন্দ্রত ১৩ বছৰীয়া কিশোৰী এজনী গণধর্ষণৰ বলি হোৱাৰ কেইদিনমান পাছতেই সংঘটিত শেহতীয়া এই পাশৱিক ঘটনাই পুনৰ সৃষ্টি কৰিছে চাঞ্চল্য৷

You might also like