নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯; মণিপুৰ–ত্রিপুৰা ছিকিমৰ মুখ্যমন্ত্রীৰে বার্তালাপ প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৮ মে: ক’ভিড–১৯সৃষ্ট পৰিস্থিতি সন্দর্ভত শুকুৰবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মণিপুৰ, ত্রিপুৰা আৰু ছিকিমৰ মুখ্যমন্ত্রীৰে বার্তালাপ কৰে৷ মহামাৰী ক’ৰোনাৰ পৰিস্থিতিক লৈ উদ্বিগ্ণ হৈ থকা প্রধানমন্ত্রী মোদীয়ে ৰাজ্যকেইখনৰ সম্প্রতি ক’ভিড–১৯সৃষ্ট পৰিস্থিতি কেনে হৈ আছে তাৰ বুজ লয়৷

মন কৰিবলগীয়া যে দেশজুৰি ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে সংহাৰী ৰূপ লোৱাৰ সময়ত প্রধানমন্ত্রী মোদীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্রীৰ সৈতে পর্যায়ক্রমে বার্তালাপ কৰি আছে৷ কালি অন্ধ্রপ্রদেশ, ওড়িশা, ঝাৰখণ্ড, তেলেংগানাৰ মুখ্যমন্ত্রীৰ সৈতে টেলিফোনযোগে ক’ভিড পৰিস্থিতি বুজ লোৱাৰ সমান্তৰালভাৱে কেন্দ্রীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰ আৰু পুডুচেৰীৰ উপ–ৰাজ্যপালৰ সৈতে বার্তালাপ কৰে৷ এই বার্তালাপৰ সময়ত প্রধানমন্ত্রীগৰাকীয়্ ৰাজ্যসমূহত ক’ভিডসৃষ্ট পৰিস্থিতি মোকাবিলা কৰিবলৈ কেন্দ্রৰ সকলো সহায়ৰ আশ্বাস দিয়ে৷

তদুপৰি ৰাজ্যসমূহে কঠোৰভাৱে ক’ভিড প্রট’কল মানি চলিবলৈ জনসাধাৰণক সজাগ কৰিবলৈও আহ্বান জনায়৷ গুৰুত্বপূর্ণ যে কালি ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনৰ সৈতে বার্তালাপৰ পাছত প্রধানমন্ত্রী মোদীৰ মন কী বাতক লৈ সমালোচনা কৰিছিল ঝাৰখণ্ডৰ মুখ্যমন্ত্রীগৰাকীয়ে৷

You might also like