নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ভুৱা’ আইআৰএছ বিষয়াৰ সৈতে বিবাহ বিচ্ছেদ

🔹 প্রতাৰিত উত্তৰ প্রদেশৰ ‘লেডী সিংহম’ শ্রেষ্ঠা ঠাকুৰ

বিশেষ বাৰ্তা, ১৩ ফেব্রুৱাৰী : প্রতাৰকৰ প্রতাৰণাৰ জালত প্রায়েই সাধাৰণ মানুহ সর্বস্বান্ত হ’বলগীয়া হয়৷ কিন্তু এইবাৰ এগৰাকী আৰক্ষী বিষয়া প্রতাৰিত হৈছে উত্তৰ প্রদেশত৷ অকল সেয়াই নহয়, লাখ লাখ টকা ক্ষতিও হৈছে এই আৰক্ষী বিষয়াৰ৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, ভাৰতীয় ৰাজহ সেৱা (আইআৰএছ) বিষয়াক বিয়া কৰাইছিল এই আৰক্ষী বিষয়াগৰাকীয়ে৷ কিন্তু বিয়াৰ পিছত মহিলা আৰক্ষী বিষয়াই জানিব পাৰিলে যে তেওঁৰ স্বামী আইআৰএছ বিষয়া নহয়৷ ভুৱা পৰিচয়েৰে বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকীৰ স্বামী৷ উত্তৰ প্রদেশ আৰক্ষীৰ ডিএছপি শ্রেষ্ঠা ঠাকুৰক ‘লেডী সিংহম’ নামেৰে জানে জনসাধাৰণে৷ অপৰাধীৰ ত্রাসৰ কাৰণ শ্রেষ্ঠাই ২০১৮ চনত মোহিত ৰাজ নামৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ আইআৰএছ বিষয়া বুলি পৰিচয় দিয়া মোহিত গাজিয়াবাদৰ এজন কুখ্যাত প্রতাৰক হিচাপে চিহ্ণিত হোৱাৰ পিছতে শ্রেষ্ঠাই বিবাহ বিচ্ছেদ কৰিবলগীয়া হৈছে৷ কিন্তু ইতিমধ্যে কেইবালাখো টকা মোহিতে সৰকাইছে শ্রেষ্ঠাৰ পৰা৷

You might also like