নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক বিক্ষোভ : দিল্লীত প্রতিৰোধৰ প্রাচীৰ প্রশাসনৰ

🔹 কাঁটাতাঁৰৰ বেৰ–অস্থায়ী কাৰাগাৰ স্থাপন

বিশেষ বাৰ্তা, ১৩ ফেব্রুৱাৰী : ২০২০ চনৰ কৃষক বিক্ষোভৰ স্মৃতি সজীৱ হৈ আছে৷ কৃষক বিক্ষোভৰ বাবেই নৰেন্দ্র মোদী চৰকাৰে বিতর্কিত তিনি আইন প্রত্যাহাৰ কৰিবলগীয়া হৈছিল৷ আজি একেই ধৰণে দিল্লী যাত্রাৰ আহ্বান দিছে পঞ্জাব আৰু হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষকে৷ কিন্তু এই কৃষক বিক্ষোভ প্রতিহত কৰিবলৈ সংকল্প লৈছে হাৰিয়ানা আৰু দিল্লী প্রশাসনে৷ কৃষকৰ বিক্ষোভ কার্যসূচীৰ পূর্বে দিল্লীত জাৰি কৰা হৈছে ১৪৪ ধাৰা৷ ১২ মার্চলৈ ১৪৪ ধাৰা জাৰি থাকিব দেশৰ ৰাজধানী চহৰখনত৷ আনফালে, দিল্লী সীমান্তত কংক্রিটৰ প্রাচীৰ গঢ়ি তোলা হৈছে৷ বিভিন্ন স্থানত বহুওৱা হৈছে কাঁটাতাঁৰৰ বেৰ৷ আনফালে অস্থায়ী কাৰাগাৰো স্থাপন কৰা হৈছে দিল্লীৰ বিভিন্ন স্থানত৷ স্মর্তব্য যে দুই শতাধিক কৃষক সংগঠনে আজিৰ প্রতিবাদী কার্যসূচীৰ প্রতি সমর্থন জনাইছে৷

You might also like