নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিএমকেৰ বিধায়ক কু কা ছেলভামক দলৰ পৰা নিলম্বন

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ তামিলনাডুৰ প্রধান বিৰোধী দল ডি এম কেৰ পৰা বিধায়ক কু কা ছেলভামক দলটোৰ মুৰব্বী এম কে ষ্টেলিনে নিলম্বন কৰাৰ পাছতে চেন্নাইৰ বিজেপিৰ কার্যালয়ত উপস্থিত হয় বিধায়কগৰাকী৷ বিজেপি কার্যালয়ত উপস্থিত হৈয়ে ডি এম কেৰ মুৰব্বী ষ্টেলিনক কঠোৰ সমালোচনা কৰি ছেলভামে কয় যে একালৰ গৰিমামণ্ডিত দলটো এতিয়া পৰিয়ালকেন্দ্রিক ৰাজনৈতিক দললৈ সলনি হৈছে৷ স্মর্তব্য যে দলৰ অনুশাসন ভংগ কৰি ছেলভামে দিল্লীত কালি প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু বিজেপি সভাপতি জে পি নাড্ডাৰ সৈতে মিলিত হৈছিল৷ এই কার্যৰ পাছতে বিধায়কগৰাকীলৈ ডি এম কেৰ তৰফৰ পৰা কিয় প্রাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা নহ’ব, সেই সন্দর্ভত কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ উপৰি অস্থায়ীভাৱে তেওঁক নিলম্বনো কৰা হৈছে৷ লক্ষণীয়ভাৱে ছেলভামে পূর্বৰে পৰা ডি এম কেৰ শীর্ষ নেতৃত্বক সমালোচনা কৰি আহিছে৷ আনকি যিকোনো মুহূর্ততে বিজেপি শিবিৰত বিধায়কগৰাকী চামিল হ’ব বুলি ধাৰণা কৰি তেওঁক দলৰ মজিয়াতে এঘৰীয়া কৰা হৈছিল৷

You might also like