নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ অগ্নিকাণ্ড : ৮গৰাকী লোকৰ প্ৰাণহানি

মধ্যপ্ৰদেশৰ বৃজেশ্বৰী অঞ্চলৰ এটা তিনি মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে, য’ত ৮ গৰাকী লোকৰ মৃত্যু হৈছে। এই অগ্নিকাণ্ডত পৰিয়ালৰ কেইবাজনো সদস্য ঘৰৰ ভিতৰত আবদ্ধ হৈ জীৱন্তে জুইৰ পৰা ওলাব নোৱাৰি অগ্নিদগ্ধ হৈছে।

প্ৰাথমিক অনুসন্ধান অনুসৰি, অগ্নিকাণ্ডৰ মূল কাৰণ হিচাপে শ্বৰ্ট চাৰ্কিটৰ পৰা হোৱা বুলি সন্দেহ প্ৰকাশ হৈছে। জানিব পৰা মতে, অট্টালিকাৰ তলত থকা এখন বৈদ্যুতিক বাহন চাৰ্জিঙৰ অৱস্থাত আছিল। বৈদ্যুতিক তাঁৰ আৰু চাৰ্জাৰৰ সৈতে সংযোগ কৰোঁতে বাহনত শ্বৰ্ট চাৰ্কিট ঘটিছিল, যাৰ ফলত জুইৰ সূত্ৰপাত হয়।

ঘটনাস্থলীত দেখা গৈছে যে ঘৰৰ ভিতৰত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ ঘটিছে, যাৰ ফলত জুই দ্রুত প্ৰচণ্ড হৈ পৰে। পৰিয়ালৰ কেইবাজনো সদস্য ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিছিল, কিন্তু বিদ্যুৎ বিচ্ছিন্ন হৈ থকাত দুৱাৰ খোলা নাযায়। এই কাৰণে পৰিয়ালৰ ৭গৰাকী সদস্য জুইত পৰে।

ঘটনাস্থলত উপস্থিত উদ্ধাৰকাৰী দল আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে পৰিয়ালৰ ৩গৰাকী সদস্যক গ্ৰীল ভাঙি উদ্ধাৰ কৰে। পুৱা ৩:৩০ বজাৰ সময়ত সংঘটিত হোৱা এই ঘটনাত ৮গৰাকী লোকৰ মৃত্যু নিশ্চিত কৰিছে।

ঘটনাৰ পিছতেই মধ্যপ্ৰদেশ চৰকাৰে সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে। ৰাজ্যিক নগৰ প্ৰশাসন মন্ত্ৰী কৈলাশ বিজয়বৰ্গিয়াই বৈদ্যুতিক বাহন আৰু দুচকীয়া বাহনৰ চাৰ্জিঙৰ সুৰক্ষাৰ বিষয়ে প্রশ্ন উত্থাপন কৰিছে। তেওঁ কয়, “বৈদ্যুতিক বাহনখনৰ কেবলবোৰ সঠিক আছিল নে চাৰ্জিঙৰ সময়ত কোনো বিপদ ঘটিছিল, সেই বিষয়ত বিশেষজ্ঞ কমিটিয়ে তদন্ত কৰিব।”

ডিজিটেস ডেস্ক, ১৮ মাৰ্চ

You might also like