নম্বৰ ৭ এৰি নম্বৰ-৮লৈ ধোনী, IPL-ৰপূৰ্বে অনুৰাগীৰ মাজত উৎকণ্ঠা
মহেন্দ্ৰ সিং ধোনীৰ এটা পোষ্টে ক্ৰিকেট জগতত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। ভাৰতৰ এই তাৰকা খেলুৱৈজনে আইপিএল ২০২৬ৰ পূৰ্বে ইঙ্গিত দিছে যে তেওঁ ৭ নম্বৰ জাৰ্ছি এৰি ৮ নম্বৰ জাৰ্ছি পিন্ধিবলৈ ওলাইছে। নম্বৰ-৭ কেৱল এটা নম্বৰ নহয়, ই মাহী আৰু অনুৰাগীসকলৰ বাবে এটা অনুভূতি। উল্লেখযোগ্য যে ধোনী ৭ম মাহৰ ৭ তাৰিখে জন্মগ্ৰহণ কৰিছিল, সেইবাবেই তেওঁ এই নম্বৰটো ব্যৱহাৰ কৰি আহিছে। এতিয়া আইপিএল কেৰিয়াৰৰ অন্তিম পৰ্যায়ত তেওঁ জাৰ্ছি নম্বৰ কিয় সলনি কৰিছে, সেইটো প্ৰশ্ন উত্থাপন হৈছে।
ধোনীয়ে আইপিএলৰ প্ৰথম সংস্কৰণৰ পৰা চেন্নাই ছুপাৰ কিংছৰ হৈ খেলি আহিছে। কেৱল দুটা ছিজনত ৰাইজিং পুনে ছুপাৰ জায়েণ্টছৰ হৈ খেলিছিল, যেতিয়া চিএছকে নিষিদ্ধ আছিল। ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত এতিয়া তেওঁ কেৱল আইপিএলত খেলি আছে। অনুমান কৰা হৈছে যে আইপিএল ২০২৬ তেওঁৰ খেলুৱৈ হিচাপে অন্তিম ছিজন হ’ব পাৰে। কিন্তু তাৰ পূৰ্বেই তেওঁৰ এই পোষ্টে সকলোকে আচৰিত কৰি তুলিছে।
ধোনীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে— “কিছুমান নম্বৰ আপোনাৰ লগত থাকি যায় আৰু নম্বৰ-৭ মোৰ বাবে তেনে এটা নম্বৰ আছিল। কিন্তু আজি মই ইয়াক সলনি কৰি ৮ কৰিছোঁ।”
কিন্তু প্ৰশ্নটো হৈছে— কেৰিয়াৰৰ এই অন্তিম পৰ্যায়ত তেওঁ কিয় জাৰ্ছি নম্বৰ সলনি কৰিছে? এই প্ৰশ্ন এতিয়া প্ৰতিজন অনুৰাগীৰ মনত। ধোনীয়ে নিজৰ পোষ্টত উল্লেখ কৰিছে— “ইয়াৰ কাৰণ আপুনি আগন্তুক সময়ত জানিব।” লক্ষণীয় যে ভিডিঅ’টোত দেখা জাৰ্ছিটো চিএছকেৰ হালধীয়া ৰঙৰ নহয়, বৰঞ্চ নীলা ৰঙৰ।
উল্লেখযোগ্য যে ২০২৩ চনত বিচিচিআইয়ে মহেন্দ্ৰ সিং ধোনীৰ ৭ নম্বৰ জাৰ্ছিটো ৰিটায়াৰ কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰৰ ১০ নম্বৰ জাৰ্ছিও (২০১৭ চনত) ৰিটায়াৰ কৰা হৈছিল।
ডিজিটেল ডেস্ক, ১৮ মাৰ্চ