আপোনাৰ N-95 মাস্ক আছে যদি কৰক এই কাম…
নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সময়ত মাস্ক সকলোৱে ব্যৱহাৰ কৰে। মাস্ক সকলোৰে জীৱনৰ এক অবিচ্চেদ্য অংগ হৈ পৰিছে।মাস্ক ব্যৱহাৰ কৰাৰ লগতে ছেনিটাইজ কৰাটো বহু জৰুৰী। N-95 মাস্ক বহু লোকে ব্যৱহাৰ কৰে। আনহাতে মাস্ক ছেনিটাইজ কৰিবলৈ চাবোন আৰু পানীৰ ব্যৱহাৰ কৰে বহুলকো। কিন্তু আপুনি জানি আচৰিত হ’ব ইলেকট্ৰি কুকাৰে N-95 মাস্ক ছেনিটাইজ কৰিব পাৰি।
অযোধ্যাত বাবৰৰ নামত বনোৱা নহ’ব মছজিদ, চুন্নী ৱাকফ বোৰ্ডৰ ঘোষণা
Environmental Science & Technology Letters ৰ গৱেষণাত প্ৰকাশ পাইছে যে N-95 মাস্কক ইলেকট্ৰিক কুকাৰে ৫০ মিনিট সময় গৰম কৰি থৈ দিলে বীজাণু মৰিব পাৰে। আনহাতে অধ্যয়নত এইটো কথা গম পোৱা গৈছে যে N-95 মাস্কৰ ফিল্টাৰৰ পৰা কোনো ধৰণৰ সমস্যা নহয়।
লগতে গৱেষণাকাৰী সকলে জানিবলৈ দিছে যে ঘৰতে সহজতে উপলব্ধ ইলেকট্ৰিক কুকাৰত N-95 মাস্কক ৫০ মিনিট সময় ১০০ ডিগ্ৰী ছেলছিয়াছ কৰি ৰাখিলে বীজাণু মুক্ত হয়।
অধিক খবৰঃ