নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই আৰক্ষীৰ ডিচিপিৰে ঘনিষ্ঠ সম্পর্ক ৰিয়াৰ

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ   সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু তেওঁৰ পৰিয়ালে পাটনাত দিয়া গোচৰৰ পাছত মুম্বাই আৰক্ষীৰ এজন শীর্ষ বিষয়াৰ সৈতে সঘন টেলিফোনত যোগাযোগ কৰিছিল অভিনেত্রী–প্রেমিকা ৰিয়া চক্রৱর্তীয়ে৷ ৰিয়াৰ ফোনকল ৰিপ’টৰ মতে বান্দ্রাৰ ডি চি পি অভিষেক ত্রিমুখৰ সৈতে কেইবাবাৰো ফোনত কথা পাতিছিল ৰিয়াই৷ কেইবাটাও এছ এম এছৰ তথ্যও পোৱা গৈছে কল ৰিপ’টত আৰু ইয়াৰ বেছিভাগেই আৰক্ষী বিষয়াজনে প্রেৰণ কৰিছিল৷ কি কাৰণত ডি চি পিজনৰে সঘন যোগাযোগো কৰিছিল ৰিয়াই? ডি চি পি ত্রিমুখৰে তেওঁৰ সম্পর্ক ঘনিষ্ঠ আছিল নেকি? ২০ জুনত ত্রিমুখৰ এছ এম এছৰ পাছত ৰিয়াই পিছদিনা তেওঁৰ সৈতে ফোনত কথা পাতে৷ ইয়াৰ পাছতে কেইবাবাৰো অভিষেকে ফোন কৰে ৰিয়ালৈ৷ ২০ জুনৰ পৰা ১৮ জুলাইলৈ কেইবাবাৰো অভিনেত্রী–ডি চি পিৰ মাজত ফোনত যোগাযোগ চলি আছিল৷ কিন্তু ইয়াৰ পাছতো বিহাৰ আৰক্ষীৰ তদন্তকাৰী দলক ৰিয়াৰ বিষয়ে কোনো তথ্য দিয়া নাছিল মুম্বাই আৰক্ষীয়ে৷ স্বাভাৱিকতে প্রশ্ন উঠিছে– ৰিয়াৰ সমর্থনত মুম্বাই আৰক্ষীয়ে এনে ৰহস্যজনক স্থিতি গ্রহণ কৰাৰ কাৰণ কি? ডি চি পি অভিষেক ত্রিমুখৰে পূর্বৰে পৰা ৰিয়াৰ সম্পর্ক আছিল নেকি? লক্ষণীয় যে এইপর্যন্ত মুম্বাই আৰক্ষীয়ে ৰিয়াক এবাৰো জেৰাৰ বাবে মতা নাই৷ বিহাৰ আৰক্ষী আৰু মুম্বাই আৰক্ষীৰ মাজত তদন্তক লৈ চলি থকা বিবাদেও তদন্তত সৃষ্টি কৰিছে জটিলতা৷ সুশান্তৰ আত্মহত্যাৰ তদন্ত অবাঞ্ছিতভাৱে ৰাজনৈতিক মেৰপেঁচত সোমাই পৰিছে৷ এনে পৰিপ্রেক্ষিততে উচ্চতম ন্যায়ালয়ত আজি কেন্দ্রীয় চৰকাৰে নিজকে এই তদন্তৰ এটা পক্ষ হিচাপে অন্তর্ভুক্ত কৰিবলৈ আবেদন জনায়৷ সুশান্তৰ পিতৃয়ে দিয়া গোচৰৰ বিচাৰ পাটনাৰ সলনি মুম্বাইত হ’ব লাগে বুলি ৰিয়াই জনোৱা আবেদনৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় চৰকাৰে গোচৰটোৰ অন্যতম পক্ষ হিচাপে জড়িত হোৱাৰ বাবে আগ্রহ ব্যক্ত কৰিছে৷ ইপিনে ৰিয়াৰ যোৱা এবছৰৰ কল ৰিপ’ট মতে তেওঁ নিজৰ পিতৃ–ভাতৃৰ সৈতে দুহেজাৰৰো অধিকবাৰ ফোনত কথা পাতিছিল৷ ইয়াৰ বিপৰীতে সুশান্তলৈ তেওঁ ফোন কৰিছিল মাত্র ৯৪বাৰ আৰু সুশান্তই তেওঁলৈ ফোন কৰিছিল ৫১বাৰ৷

You might also like