নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণঃ বন্ধ কৰিলে ১০১বিধ ঘাতক অস্ত্ৰসহ আন উপকৰণ

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ এছাল্ট ৰাইফল, আৰ্টিলাৰী বন্দুক, ৰাডাৰ, মিছাইল আদি যুদ্ধাস্ত্ৰৰ আমদানি বন্ধ কৰিলে ভাৰতে। এতিয়া নিজ দেশতে এনে সমৰ অস্ত্ৰ নিৰ্মাণৰ পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ আগবাঢ়িছে ভাৰত চৰকাৰ।

এখন আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ অংশ হিচাপে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২০২৫ চনৰ ডিচেম্বৰলৈ বন্ধ কৰিব লগা এই আমদানিকৃত সামগ্ৰীৰ অভাৱত ভাৰত নপৰে বুলিও জনায় চৰকাৰে, কিয়নো ভাৰত এতিয়া এনে সামগ্ৰী নিজে তৈয়াৰ কৰিবলৈ সমৰ্থ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এটা টুইটৰ জৰিয়তে এই বিষয়ে জানিবলৈ দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ১০১ বিধ সামগ্ৰীৰ ৬৯ বিধ সামগ্ৰীৰ আমদানি ২০২০ৰ ডিচেম্বৰৰ ভিতৰত বন্ধ কৰাৰ লগতে বাকী ৩১বিধ সামগ্ৰীৰ আমদানি ক্ৰমশঃ বন্ধ কৰা হৈ থাকিব।

২০২১ত কংগ্রেছ–ইউডিএফে একেলগে যুঁজিব বিধানসভা নির্বাচনত

শেষত দীৰ্ঘ দূৰত্বৰ ক্ৰুইছ মিছাইলৰ আমদানি বন্ধ কৰা হ’ব ২০২৫ৰ ডিচেম্বৰত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই কাৰ্যৰ দ্বাৰা দেশৰ সৈন্যবাহিনী যাতে কোনো অস্ত্ৰৰ অভাৱৰ সন্মুখীন হ’বলগীয়া নহয় তাক বিচাৰ-বিশ্লেষণ কৰা হৈছে।

উল্লেখ্য যে লকডাউনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ মে’ত আত্মনিৰ্ভৰ ভাৰত সম্বন্ধে দেশবাসীক অৱগত কৰিছিল।

অধিক পঢ়কঃ

নেপালৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ কেপি অলীৰ 

 

জয় শ্ৰী ৰাম, ধ্বনি নিদিয়াৰ বাবে প্ৰহৃত অটো চালক

You might also like